টিংখং,16 মে’ : ডিব্ৰুগড় জিলাত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ক’ভিড সংক্ৰমণে । নগৰ অঞ্চলৰ সামান্তৰালকৈ ইখনৰ পাচত সিখন গাঁৱলৈ সংক্ৰমিত হৈছে মাৰাত্মক ক’ভিড । ইতিমধ্যে বহুকেইটা চাহ বাগিচা অঞ্চলত আৰম্ভ হৈছে গণ সংক্ৰমণ । তেনে সময়ত টিংখঙৰ কেইবাখনো চাহ বাগিচা কৰ্তৃপক্ষৰ লগতে বাগিচাৰ শ্ৰমিকসকলে অৱলম্বন কৰিছে বিশেষ সতৰ্কতা ।
বাগিচাৰ শ্ৰমিক লাইনসমূহত নিষিদ্ধ কৰিছে বাহিৰা লোকৰ প্ৰৱেশ । এজনো যাতে বাহিৰা লোক অথবা অচিনাকি লোক শ্ৰমিক লাইনত সোমাব নোৱাৰে তাৰ বাবে প্ৰতিটো শ্ৰমিক লাইনৰ পথৰ প্ৰৱেশ দ্বাৰ বন্ধ কৰি দিয়া হৈছে । প্ৰৱেশ পথত ৰখা হৈছে বৃহৎ পানী টেংকি, চাবোন আদি । নিজৰ লাইনৰ শ্ৰমিককো অনাহকত অহা-যোৱা নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে । বাগিচাত কাম কৰি ঘৰলৈ আহিলে প্ৰৱেশদ্বাৰতে থকা পানীৰে হাত ধুইহে ভিতৰত প্ৰৱেশ কৰিব পাৰিব শ্ৰমিকলসকলে ।