মৰাণ,5নৱেম্বৰ:বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলৰ নেতা-কৰ্মীয়ে দিন-ৰাতি একাকাৰ কৰি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত ব্যস্ত | তাৰ মাজতে মৰাণ সমষ্টিৰ বগীবিল গাঁও পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ বিনপতি গাঁৱৰ ৰাইজক পৰিৱৰ্তনৰ শ্ল'গান দিয়া বিজেপি চৰকাৰৰ দিনত উন্নয়নে স্পৰ্শ কৰিবলৈ সক্ষম নহ'ল ৷ বানবিধ্বস্ত বিনপতি গাঁৱৰ সমস্যাৰ প্ৰতি গুৰুত্ব নাই পৰিৱৰ্তনকামী সোণোৱাল চৰকাৰৰ ৷ গাঁৱৰ মহিলা সকলে সংবাদ মাধ্যমৰ জৰিয়তে জনপ্ৰতিনিধিৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ ।
উল্লেখ্য যে বানবিধ্বস্ত বিনপতি গাঁৱৰ বহু পৰিয়ালক দৰিদ্ৰতাই কোঙা কৰিছে । বছৰৰ প্ৰায় ৭ মাহে পানীৰে ভৰি থকা গাঁওখনৰ ঘৰবোৰৰ অৱস্থা অতি শোচনীয়,গাঁওখনলৈ নাহে কোনো জনপ্ৰতিনিধি। শিক্ষা,স্বাস্থ্য আৰু যাতায়তৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে গাঁওখনৰ ৰাইজে ৷ এই ক্ষেত্ৰত চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে ।