অসম

assam

ETV Bharat / state

মৰাণহাট ৰেল ষ্টেচনত ক'ভিড প্ৰতিৰোধৰ বাবে নাই কোনো তৎপৰতা - ক'ভিড নীতি নিয়ম

মৰাণহাট ৰেল ষ্টেচনত ক'ভিড প্ৰতিৰোধৰ কোনো তৎপৰতা নাই ৷ মাস্ক নোহোৱাকৈ ষ্টেচনত ঘুৰি ফুৰিছে হাজাৰ হাজাৰ যাত্ৰী ৷ ৰেলযোগে বহিঃ ৰাজ্যৰ পৰা অহা সকলৰ দেহতে প্ৰতি দিনেই ধৰা পৰিছে ক'ভিড-19।

মৰাণহাট ৰেল ষ্টেচনত ক'ভিড প্ৰতিৰোধৰ নাই কোনো তৎপৰতা
মৰাণহাট ৰেল ষ্টেচনত ক'ভিড প্ৰতিৰোধৰ নাই কোনো তৎপৰতা

By

Published : Apr 21, 2021, 11:09 AM IST

মৰাণ, 21 এপ্ৰিল :সমগ্ৰ দেশৰ লগতে অসমতো ক'ভিডৰ ভয়াবহতা ক্ৰমান্বয়ে বৃদ্ধি পাইছে । ৰাজ্য চৰকাৰে সকলোকে ক'ভিড নীতি-নিয়ম মানি সচেতন হ'বলৈ আহ্বান জনাইছে । ৰাজ্যৰ বিমানবন্দৰৰ লগতে ৰেল ষ্টেচন সমূহতো ক'ভিড প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰিছে । প্ৰতিজন যাত্ৰীকে কৰা হৈছে স্কেনিং। কিন্তু মৰাণহাট ৰেল ষ্টেচনত দেখিবলৈ পোৱা গ'ল ইয়াৰ বিপৰীত ছবি ।

মৰাণহাট ৰেল ষ্টেচনত ক'ভিড প্ৰতিৰোধৰ নাই কোনো তৎপৰতা

মৰাণহাটলৈ পুৱা গধূলি গুৱাহাটী, ডিব্ৰুগড়, তিনিচুকীয়াৰ পৰা কেইবাখনো ৰেল আহি ৰয় আৰু প্ৰতিদিনে কেইবা শতাধিক যাত্ৰী মৰাণহাট ষ্টেচনত উঠা নমা কৰে কিন্তু ক'ভিড ভয়াবহতা বৃদ্ধি পোৱা ৰেল ষ্টেচনটোত কোনো ধৰণৰ স্কেনিঙৰ ব্যৱস্থা নাই । বহু যাত্ৰীয়ে মাস্ক নোহোৱাকৈ ঘুৰি ফুৰিছে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ গুৰুত্ব নাই ষ্টেচন বিষয়াৰ ।

মুঠৰ ওপৰত ক'ভিডৰ ভয়াৱহতাৰ সময়ত মৰাণহাট ৰেল ষ্টেচনত কেৱল ক'ভিড সজাগতাৰ কেইখনমান ৰঙীণ বেনাৰ মাৰিয়েই দায়িত্ব সামৰিছে ৰেল বিভাগৰ বিষয়া সকলে । মৰাণ চহৰৰ মাজমজিয়াতে থকা ৰেল ষ্টেচনটোত আজি পৰ্যন্ত ক'ভিড প্ৰতিৰোধৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত মৰাণৰ ৰাইজৰ মাজত আতংক সৃষ্টি হৈছে ।

লগতে পঢ়ক:ক’ভিডৰ ভয়ংকৰ সংক্ৰমণ; একাংশৰ কাণ্ডজ্ঞান হীনতা


ABOUT THE AUTHOR

...view details