মৰাণ,27 এপ্ৰিল:সমগ্ৰ ৰাজ্যৰ লগতে দৈনিকভাৱে চাবুৱাতো বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা। বিগত 1 এপ্ৰিলৰ পৰা সোমবাৰ পৰ্যন্ত চাবুৱাত 63 গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ'ণাৰ অৱস্থিতি । যাৰ বাবে চাবুৱাৰ মডেল হাস্পতাল সম্প্ৰতি ক'ভিড হাস্পতাললৈ ৰূপান্তৰ কৰা হৈছে । কিন্তু তাৰমাজতে চাবুৱাৰ পানীতোলা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দেখা গ'ল এক বিপৰীত দৃশ্য ৷
যি সময়ত জিলা প্ৰশাসনে কৰ'ণা প্ৰতিৰোধৰ বাবে চেষ্টা কৰি আছে, তাৰ মাজতে চাবুৱাত একপ্ৰকাৰ ধোঁৱাচাঙত উঠিল ক'ভিড প্ৰট'কল । একাংশ লোকে পানীতোলা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহি উলংঘা কৰিলে ক'ভিডৰ সকলো নীতি-নিৰ্দেশনা ৷ লোকসকলৰ মুখত নাই মাস্ক, নামানিলে কোনো সামাজিক দূৰত্ব ৷