মৰাণ, 27 ডিচেম্বৰ :একবিংশ শতিকাৰ প্ৰজন্মই অসমীয়া ভাষাক লৈ গৌৰৱ কৰে ৷ বৰ্তমান ভাষাৰ সংকটত ভোগা অসমীয়া জাতিটোৰ প্ৰতি কিবা এটা কৰাৰ হেঁপাহ আছিল ডিব্ৰুগড়ৰ নীপু বৰুৱাৰ ৷ সেই লক্ষ্যৰেই মাত্ৰ 24 ঘণ্টাৰ ভিতৰত লিখি উলিয়ালে 40 পৃষ্ঠা যুক্ত এখন কবিতা পুথি ৷
ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰজনে জীৱনৰ ঘাত-প্ৰতিঘাতক লৈ ৰচনা কৰিলে ‘জীৱনৰ ৰং’ শীৰ্ষক কবিতা পুথিখন ৷ 13 টা কবিতা সন্নিৱিষ্ট পুথিখনৰ দৈৰ্ঘ 7.5 ছেণ্টিমিটাৰ আৰু প্ৰস্থ 5.5 ছেণ্টিমিটাৰ ৷