মৰাণ, 9 এপ্ৰিল: ৰাজ্যত ইটোৰ পিচত সিটো হত্যাকাণ্ড ৷ এতিয়া যেন সুলভ হৈ পৰিছে মৃত্যু ৷ প্ৰতিদিনে হত্যাৰ বাতৰিয়ে সংবামধ্যমৰ শিৰোনাম দখল কৰাটো একপ্ৰকাৰে সাধাৰণ কথাৰ দৰে হৈ পৰিছে (Crime case increase in Assam) ৷ এইবাৰ ডিব্ৰুগড় জিলাৰ দুলীয়াজনত এগৰাকী ন-বোৱাৰীক নৃশংসভাৱে হত্যা কৰা ঘটনাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে (Newly married woman murder case) ৷ দেওবাৰে দুলীয়াজান আৰক্ষী থানাৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোক, দল-সংগঠনে (Locals protest to hang accused) ৷
উল্লেখ্য যে, তিনিমাহৰ পূৰ্বে দুলীয়াজানৰ পুৰণি ডিৰিয়াল চাহ বাগিচাৰ বাসন্তী গোৱালা নামৰ যুৱতীগৰাকী দুলীয়াজানৰ নতুন ডিৰিয়াল চাহ বাগিচাৰ নতুন লাইনৰ ৰাজীৱ গোৱালাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল (Basanti Gowala Murder case) । 8 এপ্ৰিল তথা শনিবাৰে নিশা স্বামীগৃহৰ শৌচাগাৰত ন-বোৱাৰীগৰাকীৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছিল ৷ তাৰ পিচতে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Murder case at Diriyal Tea Estate)৷
ইফালে এই বাতৰি চৌদিশে বনজুইৰ দৰে বিয়পি পৰাৰ পিচতে নিহত ন-ৱোৰাৰীগৰাকীৰ পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজে অভিযুক্ত স্বামী ৰাজীৱ গোৱালা আৰু তেওঁৰ পিতৃ পুস্তম গোৱালাৰ বাসগৃহ ঘেৰাও কৰে ৷ উত্তেজিত ৰাইজে পিতৃ-পুত্ৰক আক্ৰমণ কৰিবলৈ উদ্যত হোৱাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কোনোমতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷