অসম

assam

ETV Bharat / state

আগন্তুক বছৰটো অসমৰ মানুহৰ বাবে এটা প্ৰত্যাহ্বানৰ বছৰ হ'ব! - অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ নগেন শইকীয়া

আৰম্ভ হ'ল নতুন বছৰ ৷ নতুন বছৰৰ প্ৰথম দিনটোত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ নগেন শইকীয়াই সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনায় ৷

Dr Nagen Saikia
ডঃ নগেন শইকীয়াৰ সকলোলৈ নৱবৰ্ষৰ শুভেচ্ছা

By

Published : Jan 1, 2020, 8:24 AM IST

ডিব্ৰুগড়,1 জানুৱাৰীঃ "আগন্তুক বছৰটো অসমৰ মানুহৰ বাবে এটা প্ৰত্যাহ্বানৰ বছৰ হ'ব। আমি বিভিন্ন সংকট আৰু সংঘাতৰ মাজেদি পাৰ হৈ আহিছো আৰু এতিয়াও আমি সেই সংঘাটৰ মাজতে আছো" ৷ সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ নগেন শইকীয়াই এইদৰে মন্তব্য কৰে ৷

ডঃ নগেন শইকীয়াৰ সকলোলৈ নৱবৰ্ষৰ শুভেচ্ছা
লগতে তেওঁ আশা কৰে যে নতুন বছৰটোত যুৱ প্ৰজন্মৰ পৰা আৰম্ভ কৰি সকলোৱে যাতে নতুন বছৰ, 1 জানুৱাৰী বা মাঘ বিহু বুলি উত্ৰাৱল হৈ নাযায় ৷ তেওঁ কয় যে সকলোৱে মাঘ বিহু পাতক কিন্তু নিয়ন্ত্ৰিত ৰূপত যাতে তেওঁলোক আনন্দত আত্মহাৰা হৈ নপৰে আৰু দেশখনৰ ৰাজ্যখনৰ ভবিষ্যতৰ কথা ভাবিব লাগে। তদুপৰি তেওঁ নতুন বছৰৰ প্ৰথম দিনটোত নতুন প্ৰজন্মৰ পৰা,দেশৰ জনসাধাৰণৰ পৰা আৰু ভিন্ন স্তৰত কাম কৰি থকা উচ্চখাপৰ বিষয়াৰ পৰা কৃষক বনুৱালৈ সকলো লৈকে এই আহ্বান জনাই যে সকলোৱে ৰাজ্যখনৰ সংকটক কেনেকৈ মোচন কৰিব পাৰি আৰু প্ৰত্যাহ্বানৰ সন্মুখীন কেনেকৈ হ'ব পাৰি তাৰ প্ৰতি সমানে সজাগ হ'ব লাগে।

ABOUT THE AUTHOR

...view details