ডিব্ৰুগড়,28 নৱেম্বৰঃমুক্তি পূৰ্বেই চৰ্চা লাভ কৰিছে সাংবাদিক জেচিম আহমেদৰ "বাঁহীৰ বুকুৱেদি" নামৰ গীতটিয়ে ৷ প্ৰচাৰ বিমুখ ভাৱে বিভিন্ন কলাত্মক চৰ্চাত জড়িত থকা ডিব্ৰুগড়ৰ যুৱক তপন কুমাৰ তালুকদাৰে সুৰ কৰা 'বাঁহীৰ বুকুৱেদি' শীৰ্ষক গীতটিৰ পৰিচালক তথা ব্যৱস্থাপক পৰাণ বৰকটকী( জ'জ) তথা গীতটিৰ মিক্স-মাষ্টাৰ কৰিছে ভূপেশ শইকীয়াই ৷ গীতটিত কন্ঠদান কৰিছে জনপ্ৰিয় সংগীত শিল্পী ৰূপম ভূঞাই ৷
মুক্তিৰ পূৰ্বেই চৰ্চিত ‘বাঁহীৰ বুকুৱেদি’ - ৰূপম ভূঞা
প্ৰচাৰ বিমুখ ভাৱে বিভিন্ন কলাত্মক চৰ্চাত জড়িত থকা ডিব্ৰুগড়ৰ যুৱক তপন কুমাৰ তালুকদাৰে সুৰ কৰা বাঁহীৰ বুকুৱেদি শীৰ্ষক গীতটিৰ পৰিচালক তথা ব্যৱস্থাপক পৰাণ বৰকটকী( জ'জ) তথা গীতটিৰ মিক্স-মাষ্টাৰ কৰিছে ভূপেশ শইকীয়াই ৷ গীতটিত কন্ঠদান কৰিছে জনপ্ৰিয় সংগীত শিল্পী ৰূপম ভূঞাই ৷
মুক্তিৰ পূৰ্বেই চৰ্চিত ‘বাঁহীৰ বুকুৱেদি’
গীতটিৰ প্ৰায়বোৰ কাম সম্পূৰ্ণ হৈ উঠিছে বুলি জানিবলৈ দিছে ইটিভি ভাৰতৰ ডিব্ৰুগড়ৰ সাংবাদিক জেচিম আহমেদে ৷ আনহাতে, গীতটোক লৈ যথেষ্ট আশাবাদী কন্ঠশিল্পী ৰূপম ভূঞা ৷ তেওঁ বিশেষভাৱে উল্লেখ কৰি কয় যে, মোৰ ভাল লগা গীতৰ ভিতৰত এটা গীত হৈ ৰ'ব "বাঁহীৰ বুকুৱেদি"। ইয়াৰ পূৰ্বেও সাংবাদিক জেচিম আহমেদৰ "হৃদয় চুমি এটি জোনাকী পৰুৱা বহুদূৰ উৰি গুচি গ'ল" শীৰ্ষক গীতটো ৰূপম ভূঞাই কন্ঠদান কৰিছিল ৷ এই গীতটিয়েও শ্ৰোতাৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ।