অসম

assam

By

Published : Jan 30, 2021, 6:04 PM IST

ETV Bharat / state

মৰাণত 'স্ব-নিৰ্ভৰ নাৰী-আত্মনিৰ্ভৰ অসম' আঁচনিৰ শুভাৰম্ভ চক্ৰধৰ গগৈৰ

মৰাণ সমষ্টিৰ কলাখোৱা পানী মিচিং গাঁৱত 'স্বনিৰ্ভৰশীল নাৰী আৰু আত্মনিৰ্ভৰশীল অসম' শুভাৰম্ভ কৰিলে বিধায়ক চক্ৰধৰ গগৈয়ে । এই আঁচনিৰ প্ৰথম পৰ্যায়ৰ বাবে আবণ্টন দিয়া হৈছে ১৪৪৭.৪৭ কোটি টকা ।

মৰাণত'স্ব-নিৰ্ভৰ নাৰী-আত্মনিৰ্ভৰ অসম' আঁচনিৰ শুভাৰম্ভ চক্ৰধৰ গগৈৰ
মৰাণত'স্ব-নিৰ্ভৰ নাৰী-আত্মনিৰ্ভৰ অসম' আঁচনিৰ শুভাৰম্ভ চক্ৰধৰ গগৈৰ

ডিব্ৰুগড়, ৩০ জানুৱাৰী: সমাগত অসম বিধানসভা নিৰ্বাচন । তাক লৈ বিভিন্ন ৰাজনৈতিক দলে ইতিমধ্যে ৰণনীতি প্ৰস্তুত কৰিছে । শাসকীয় দল বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে কেবাটাও আঁচনি ৰূপায়ন কৰিছে । তাৰ সমান্তৰালকৈ সোণোৱাল চৰকাৰৰ অভিলাষী আঁচনি 'স্ব-নিৰ্ভৰ নাৰী- আত্মনিৰ্ভৰ অসম' আঁচনিৰ শুভাৰম্ভ কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে । এই আঁচনিৰ প্ৰথম পৰ্যায়ৰ বাবে আবণ্টন দিয়া হৈছে ১৪৪৭.৪৭ কোটি টকা । এই অভিলাষী আঁচনি ডিব্ৰুগড়ৰ বিভিন্ন ঠাইৰ লগতে মৰাণ সমষ্টিটো আৰম্ভ কৰা হৈছে ।

মৰাণত'স্ব-নিৰ্ভৰ নাৰী-আত্মনিৰ্ভৰ অসম' আঁচনিৰ শুভাৰম্ভ চক্ৰধৰ গগৈৰ

শুকুৰবাৰে ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ কলাখোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত কলাখোৱা পানী মিচিং গাঁৱত মহাত্মা গান্ধী এনৰেগাৰ যোগেদি 'স্ব নিৰ্ভৰশীল নাৰী আৰু আত্মনিৰ্ভৰশীল অসম" শুভাৰম্ভ কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে । উক্ত অনুষ্ঠানত বিধায়কৰ লগতে স্থানীয় পঞ্চায়ত প্ৰতিনিধিৰ লগতে দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে ।

মৰাণত'স্ব-নিৰ্ভৰ নাৰী-আত্মনিৰ্ভৰ অসম' আঁচনিৰ শুভাৰম্ভ চক্ৰধৰ গগৈৰ

উল্লেখ্য যে, মহাত্মা গান্ধী এনৰেগাৰ অধীনত গ্ৰামাঞ্চলৰ দুখীয়া মহিলাসকলৰ উত্তৰণৰ লক্ষৰে এলানি ব্যক্তিগত আৰু সামূহিক কৰ্মসূচীৰে এই আঁচনিখন ৰূপায়ন কৰা হয় । ৰাজ্যৰ মহিলাসকলৰ সবলীকৰণৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহন কৰে চৰকাৰে ।

লগতে পঢ়ক:ডিব্ৰুগড়ত বিনামূলীয়া চকু চিকিৎসা শিবিৰ

For All Latest Updates

TAGGED:

As10031

ABOUT THE AUTHOR

...view details