অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ৰ ব্যক্তিগত খণ্ডৰ চিকিৎসক, ফাৰ্মাচিষ্টক উপায়ুক্তৰ নতুন নিৰ্দেশনা - ডিব্ৰুগড়ৰ ব্যক্তিগত খণ্ডৰ চিকিৎসক ফাৰ্মাচিষ্টক উপায়ুক্তৰ নতুন নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ চিকিৎসক, ফাৰ্মাচিষ্টসকললৈ ডিব্ৰুগড় জিলা উপায়ুক্তৰ নতুন নিৰ্দেশনা । জ্বৰ,চৰ্দি আৰু অন্যান্য ৰোগত আক্ৰান্ত ৰোগীসকলক চিকিৎসা প্ৰদান বা ঔষধ দিয়াৰ পূৰ্বে ক'ভিড পৰীক্ষা কৰিবলৈ দিয়াৰ আহ্বান উপায়ুক্তৰ ।

DIBRUGARH DC ORDER
ডিব্ৰুগড়ৰ উপায়ুক্তৰ নতুন নিৰ্দেশনা

By

Published : May 21, 2021, 6:45 PM IST

মৰাণ,২১ মে':ডিব্ৰুগড়ত স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে ক'ভিড প্ৰতিৰোধৰ বাবে বিভিন্ন ধৰণ পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ মাজতে গুৱাহাটীৰ পিছতে উক্ত জিলাখনত ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে । উল্লেখ যে বৰ্তমান পৰিস্থিতিত ডিব্ৰুগড় জিলাৰ বিভিন্ন ব্যক্তিগত খণ্ডৰ চিকিৎসক,ফাৰ্মাচিষ্ট আদিয়ে জ্বৰ,চৰ্দি আৰু অন্যান্য ৰোগত আক্ৰান্ত ৰোগীসকলক প্ৰথমে ক'ভিড-১৯ৰ RAT/RTPCR পৰীক্ষা নকৰাকৈ চিকিৎসা সেৱা প্ৰদান কৰা বা ঔষধ প্ৰদান কৰা পৰিলক্ষিত হৈছে ।

যাৰ ফলত ৰোগীৰ স্বাস্থ্য অধিক অৱনতি ঘটিলে ক'ভিড কেয়াৰ চেণ্টাৰ বা অসম চিকিৎসা মহাবিদ্যালয়লৈ পঠিয়াই দিয়া হয় আৰু বহুজনে এইক্ষেত্ৰত প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ লগতে ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে ।

ডিব্ৰুগড়ৰ উপায়ুক্তৰ নতুন নিৰ্দেশনা

এনে জটিল পৰিস্থিতিৰ সময়ত জিলা খনৰ ব্যক্তিগত খণ্ডৰ চিকিৎসক, ফাৰ্মাচিষ্টসকললৈ উপায়ুক্তৰ নতুন নিৰ্দেশনা । জিলা উপায়ুক্তই এক নিৰ্দেশযোগে এনেধৰণৰ পঞ্জীয়ন বা অনুজ্ঞাপত্ৰ থকা যিকোনো চিকিৎসা প্ৰতিষ্ঠান বা ব্যক্তিয়ে তেওঁলোকৰ ওচৰলৈ এনে ৰোগৰ লক্ষণ থকা ৰোগী আহিলে প্ৰথমে ক'ভিডৰ পৰীক্ষা কৰিবলৈ জনাইছে আৰু এই ক্ষেত্ৰত ৰাইজে সজাগ সচেতন হৈ এনেধৰণৰ ৰোগৰ লক্ষণ দেখিলে নিজাববীয়াকৈ ঔষধ সেৱন নকৰি ক'ভিডৰ পৰীক্ষা প্ৰথমে কৰিবলৈ সকলোকে আহ্বান জনাইছে উপায়ুক্ত গৰাকীয়ে ।

লগতে পঢ়ক:গোলাঘাট আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details