অসম

assam

টাইপাৰ নতুন কেন্দ্ৰীয় সমিতি গঠন

By

Published : Dec 28, 2020, 10:30 AM IST

মৰাণত টাইপাৰ পঞ্চম পঞ্চবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন ৷ পঞ্চম পঞ্চবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনত গঠিত হ'ল টাই আহোম যুৱ পৰিষদ (টাইপা)ৰ নতুন কেন্দ্ৰীয় সমিতি ৷ ৰুদসাগৰ বুঢ়াগোহাঁইক সম্পাদক আৰু বিজয় ৰাজকোঁৱৰক সভাপতিৰ দায়িত্ব প্ৰদান ৷

new central committee of taypa formed at moran
টাইপাৰ নতুন কেন্দ্ৰীয় সমিতি গঠন

মৰাণ, 28 ডিচেম্বৰ: তিনিদিনীয়া কাৰ্যসূচীৰে মৰাণত অনুষ্ঠিত টাইপাৰ পঞ্চম পঞ্চবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনত দেওবাৰে টাই আহোম যুৱ পৰিষদ (টাইপা)ৰ নতুন কেন্দ্ৰীয় সমিতি খন গঠন কৰা হয় ৷ শনিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মৰাণৰ তিলৈ গ্ৰাম্যবজাৰ প্ৰাংগণত টাইপাৰ পঞ্চম পঞ্চবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন আৰু ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় ৷

দেওবাৰে 51 জনীয়া সদস্যৰে নতুন কেন্দ্ৰীয় সমিতিখন গঠন হয়

বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অধিৱেশনতে দেওবাৰে মাজ নিশা ৰুদসাগৰ বুঢ়াগোহাঁইক সম্পাদক আৰু বিজয় ৰাজকোঁৱৰক সভাপতি হিচাপে লৈ টাই আহোম যুৱ পৰিষদৰ 51 জনীয়া নতুন কেন্দ্ৰীয় সমিতিখন গঠন কৰা হয় ৷

বিগত কিছু মাহ ধৰি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিক লৈ চলি থকা বিতৰ্কৰ ওৰ পেলাই দেওবাৰে কেন্দ্ৰীয় অধিৱেশন স্থলীত ৰাজ্যৰ প্ৰতিখন জিলা সমিতিৰ প্ৰতিনিধিয়ে ৰুদসাগৰ বুঢ়াগোহাঁইক সম্পাদক আৰু বিজয় ৰাজকোঁৱৰক সভাপতিৰ দায়িত্ব প্ৰদান কৰে ।

সংগঠনটোৰ নেতৃত্বৰ পৰা জানিব পৰা মতে নাহৰকটীয়াৰ অন্তৰ ফুকনক কাৰ্যকাৰী সভাপতি, গুনকান্ত গগৈ আৰু নৱদ্বীপ বৰুৱাক মুখপাত্ৰ, মনোৰঞ্জন গগৈ আৰু নিতুল বৰুৱাক সহকাৰী সম্পাদক, আৰু উত্তম দিহিঙ্গীয়া, অজিত দেউঘৰীয়া, মৃদুল বাইলুঙক উপ-সভাপতি হিচাপে টাইপাৰ নতুন সমিতিৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷
লগতে পঢ়ক:টাইপাৰ অধিৱেশনত সাংবাদিকক সম্বৰ্ধনা

ABOUT THE AUTHOR

...view details