মৰাণ,১৫ অক্টোবৰ:উন্নয়নৰ ঢাক-ঢোল বজোৱা বিজেপি চৰকাৰৰ বিয়াগোম স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ডিব্ৰুগড়ত স্থানীয় লোকৰ ক্ষোভ প্ৰকাশ ৷ যি সময়ত সভা-সমিতিয়ে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে স্বাস্থ্য বিভাগৰ উন্নয়নৰ গান গাই আহিছে, তেনে সময়তে ডিব্ৰুগড়ত এখন এম্বুলেঞ্চ বিচাৰি হাহাকাৰ (Poor Ambulance service in Dibrugarh)কৰিবলগীয়া হোৱাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় লোক ৷ ডিব্ৰুগড়ত বাৰে বাৰে স্বাস্থ্য বিভাগৰ ১০৮ জৰুৰীকালীন সেৱাৰ লগত সংযোগ স্থাপন কৰিও নাপালে কোনো সঁহাৰি ৷
ৰাজ্য চৰকাৰে স্বাস্থ্য খণ্ডৰ আমূল পৰিৱৰ্তনৰ কথা কোৱাৰ সময়তে শণিবাৰে ডিব্ৰুগড় জিলাৰ খোৱাং হালমাৰী চাহ বাগিচাত (Khowang Halmari Tea Estate)সংঘটিত হৈছে এক শোকাবহ ঘটনা । হালমাৰী চাহ বাগিচাত আজি দুটি নৱজাত শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ (reactions on death of children) সৃষ্টি হৈছে । সময়মতে এম্বুলেঞ্চ নোপোৱাৰ বাবে চিকিৎসাৰ অভাৱত শিশু দুটিৰ মৃত্যু (children die for lack of treatment at Khowang)হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷
উত্থাপিত অভিযোগ অনুসৰি হালমাৰী চাহ বাগিচাৰ ৰাধা গ্ৰান্টৰ প্ৰকাশ পূজাৰীৰ পত্নী বিশ্বজ্যোতি পূজাৰীৰ আজি পুৱা প্ৰসৱ বেদনা আৰম্ভ হোৱাত পুৱা প্ৰায় ৬ বজাত বাগিচাৰ এম্বুলেঞ্চক খবৰ দিয়ে ৷ কিন্তু পুৱা ৮ বজালৈকে এম্বুলেঞ্চ গৈ নোপোৱাত মহিলাগৰাকীয়ে ঘৰতে প্ৰসৱ কৰে ৷ পিছত বাগিচাৰ চিকিৎসালয়ত শিশুটিৰ মৃত্যু হয় ৷