মৰাণ,17 মে’: মৰাণৰ সমীপৰ ডিমৌৰ দাধৰা গাঁৱত সংঘটিত হৈছে এটি চাঞ্চল্যকৰ ঘটনা ৷ পিতৃসম ব্যক্তিৰ কামনাৰ বলি হৈ সন্তান প্ৰসৱ কৰিলে এগৰাকী 14 বছৰীয়া কিশোৰীয়ে ৷ আনহাতে প্ৰসৱৰ সমগ্ৰ ঘটনা লুকুৱাবলৈ কিশোৰীগৰাকীৰ মাতৃয়ে নৱজাতকটি বাসগৃহৰ চৌহদত খেৰৰ তলত পুতি থোৱা বুলি জানিব পৰা গৈছে ৷
ঘটনা অনুসৰি, বিগত বৰ্ষতে 55 বছৰীয়া দিলীপ কৰ্মকাৰ নামৰ লোকজনে নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীক বহুবাৰ তেওঁৰ ঘৰলৈ মাতি নিছিল ৷ ইয়াৰ পাচতে কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলাইছিল লোকজনে ৷ ইফালে হত্যাৰ ভাবুকি দি এই ঘটনা গাপ দি থোৱাৰ পাচত শুকুৰবাৰে নিশা এটি সন্তান প্ৰসৱ কৰে কিশোৰীগৰাকীয়ে ৷ কিশোৰীগৰাকীৰ মাতৃয়ে জনোৱা মতে, সমগ্ৰ ঘটনাটো লুকুৱাবলৈ তিনিদিনৰ পূৰ্বে সদ্যজাত শিশুটি ঘৰৰ চৌহদৰ খেৰৰ তলত পুতি থয় ৷