অসম

assam

ETV Bharat / state

Vineet Bagaria suicide case: কিডনী বিক্ৰী কৰি বৈদুল্লা খানক টকা দিয়াৰ অভিযোগ

ডিব্ৰুগড়ৰ বিনীত বাগাৰীয়াৰ আত্মহত্যা ঘটনাৰ (Vineet Bagaria suicide case)লগত জড়িত বৈদুল্লা খানৰ পৰিয়ালৰ বিৰুদ্ধে উখাপিত হৈছে ন ন অভিযোগ ৷ ধন দাবী, মাৰপিট কৰাৰ অভিযোগ বৈদুল্লা খান আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ৷ কেৱল মাৰপিটতেই ক্ষান্ত নাথাকি ভুক্তভোগীয়ে কিডনী বিক্ৰী কৰি ঘূৰাই দিব লগা হৈছিল টকা ৷ এই অভিযোগ ভুক্তভোগী পৰিয়ালটোৱে ৷

Vineet Bagaria suicide case
কিডনী বিক্ৰী কৰি বৈদুল্লা খানক টকা দিয়াৰ অভিযোগ

By

Published : Jul 15, 2022, 10:06 PM IST

ডিব্ৰুগড়, 15 জুলাই : ডিব্ৰুগড়ৰ পশুপ্ৰেমীবিনীত বাগাৰীয়াৰ আত্মহত্যাৰ ঘটনাই (Vineet Bagaria suicide case)উন্মোচন কৰিছে বহু পুৰণি ন ন তথ্য ৷ পশুপ্ৰেমী বিনীত বাগাৰীয়াৰ আত্মহত্যাৰ ঘটনাত নাম সাঙোৰ খোৱা বৈদুল্লা খানৰ (Accused of Vineet Bagaria suicide) পৰিয়ালৰ বিৰুদ্ধে উখাপিত হৈছে এতিয়া ন ন অভিযোগ ।

কিডনী বিক্ৰী কৰি বৈদুল্লা খানক টকা দিয়াৰ অভিযোগ

বৈদুল্লা খানৰ ভাতৃ চামচুল্লা খান, ভগ্নী চায়েৰা বেগম আৰু পিতৃ আব্দুল্লা খানে ডিব্ৰুগড়ত বহু লোকক ভয় ভাবুকি আৰু মাৰপিট কৰি পইচা আদায় কৰাৰ আন এক অভিযোগ উত্থাপিত হৈছে ৷ কেৱল মাৰপিট কৰি বা ভয় ভাবুকি দি পইচা আদায় কৰাই নহয়, নিজৰ কিডনী বিক্ৰী কৰি ধন আদায় দিবলৈয়ো বাধ্য কৰাইছিল বৈদুল্লা খানৰ পৰিয়ালে (New allegation against accused person Boidulla Khan and his family) ৷ এই অভিযোগ উত্থাপন কৰিছে ডিব্ৰুগড়ৰ এটা ভুক্তভোগী পৰিয়ালে ৷

ডিব্ৰুগড়ৰ মিনু বেগম আৰু কমৰুদ্দিন আহমেদে উল্লেখ কৰা অনুসৰি, তেওঁলোকৰ পুত্ৰক পঢ়াবৰ বাবে বৈদুল্লা খানৰ পৰা সুদলৈ পইচা ধাৰলৈ আনিছিল ভুক্তভোগী পৰিয়ালটোৱে ৷ প্ৰথম অৱস্থাত সকলো ঠিকেই আছিল ৷ কিন্তু পাছলৈ সুদৰ পইচা দিবলৈ কিছু অসুবিধা হোৱাত ভুক্তভোগী মিনু বেগম আৰু কমৰুদ্দিন আহমেদৰ ঘৰলৈ আহি বৈদুল্লা খান আৰু তেওঁৰ পৰিয়ালৰ লোকে ভুক্তভোগী পৰিয়ালটোক ভয় ভাবুকি প্ৰদান কৰাৰ লগতে মাৰপিটো কৰে ।

লগতে পঢ়ক :Vineet Bagaria suicide case : গোচৰৰ অভিযুক্ত বৈদুল্লা খানৰ বাসগৃহত উচ্ছেদ

অৱশ্যে এই ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে ডিব্ৰুগড় আৰক্ষীৰ কাষ চাপে ৷ কিন্তু এই সন্দৰ্ভত আৰক্ষীয়েও কোনো বিশেষ গুৰুত্ব প্ৰদান নকৰিলে ৷ এই অভিযোগ উত্থাপন কৰে ভুক্তভোগী পৰিয়ালটোৱে ৷ শেষত উপায়ন্তৰ হৈ 1 লাখ টকা সুদলৈ লোৱাৰ বিপৰীতে 3 লাখ 50 হাজাৰ টকাত মিনু বেগমে নিজৰ কিডনী বিক্ৰী কৰি বৈদুল্লা খানক টকাখিনি ঘূৰাই দিয়ে ৷

জানিব পৰা মতে কেৱল ভুক্তভোগী মিনু বেগম আৰু কমৰুদ্দিন আহমেদেই নহয়, ডিব্ৰুগড়ৰৰ ভিন্ন ঠাইত ধন সুদলৈ দি বহুতকে ভয় ভাবুকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে ডিব্ৰুগড়ৰ বিনীত বাগাৰীয়াৰ আত্মহত্যা ঘটনাৰ লগত জড়িত বৈদুল্লা খানৰ পৰিয়ালৰ বিৰুদ্ধে ।

উল্লেখ্য যে কেইদিনমান পূৰ্বে বিনীত বাগাৰীয়াৰ আত্মহত্যা ঘটনাৰ লগত জড়িত বৈদুল্লা খানৰ বাসগৃহত প্ৰশাসনে চলাইছিল বুলড'জাৰ । প্ৰশাসনে ভাঙি পেলাইছিল অভিযুক্ত বৈদুল্লা খানৰ দুমহলীয়া অট্টালিকা (Eviction at Baidullah Khan residence) । ডিব্ৰুগড় লাহোৱালৰ ঘোঁৰামৰাত আছিল এই বাসগৃহটো । কিয়নো ঘৰটোৰ নিৰ্মাণ কাৰ্য অবৈধ আছিল বুলিও জানিবলৈ দিছিল প্ৰশাসনৰ লোকে ।

ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত বৈদুল্লা খানৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হোৱাৰ পাছতো এতিয়াও অভিযোগৰ ওপৰত অভিযোগ উত্থাপন হৈছে বৈদুল্লা খান আৰু তেওঁৰ পৰিয়ালটোৰ বিৰুদ্ধে । অৱশ্যে এই সংক্ৰান্তত তদন্তৰ গতি কিমান ক্ষীপ্ৰ হ’ব সেয়াহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক :Vineet Bagaria suicide case: আৰক্ষীৰ জালত বিনীতৰ আত্মহত্যাৰ ঘটনাৰ লগত নাম সাঙোৰ খোৱা অভিযুক্ত

ABOUT THE AUTHOR

...view details