মৰাণ, ২১ আগষ্ট:নেপালী ভাষাই ভাৰতীয় ভাষা হিচাপে সংবিধানৰ অষ্টম অনুসূচীভূক্ত হোৱাৰ ৩০ বছৰ সম্পূৰ্ণ কৰিলে(Nepali Language Recognition Day observation in Tingkhang)। 1992 চনৰ পিছৰে পৰাই প্ৰত্যেক বছৰে 20 আগষ্টত নেপালী ভাষী গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে সমগ্ৰ দেশজুৰি ভাষাৰ স্বীকৃতি দিৱস হিচাপে পালন কৰে । এই উপলক্ষে অসম গোৰ্খা সন্মিলন ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত তথা নেমুপথাৰ শাখা সমিতিৰ আতিথ্যত আৰু ডিব্ৰুগড় জিলাৰ সমূহ শাখাৰ সহযোগত নেমুপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত শনিবাৰে নেপালী ভাষা স্বীকৃতি দিৱস উদযাপন কৰা হয় ।
এই উপলক্ষে আয়োজিত অনুষ্ঠানত অসম গোৰ্খা সন্মিলনৰ(Assam Gorkha Sammelan)জিলা সভাপতি মোহন উপাধ্যায়, সাধাৰণ সম্পাদক লাল কুমাৰ তামাং, অসম গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি কৰ্ণ ভোজেল, কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জয় কুমাৰ চুতাৰকে সহাস্ৰাধিক ৰাইজ উপস্থিত থাকে । উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলাৰ অন্তৰ্গত ৬০ বছৰৰ উৰ্ধৰ সমাজকৰ্মী তথা বিশিষ্ট ব্যক্তি সকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়(Felicitation in Nepali Language Recognition Day observation)।