অসম

assam

ETV Bharat / state

AMCH doctor negligence : আজৱ কাণ্ড, নিশা হাস্পতালত শুবলৈহে যায় চিকিৎসক

নিশা কৰ্তব্যৰত চিকিৎসকৰ আজৱ আচৰণ (Doctor negligence in AMCH)। বাহিৰত ৰোগীৰ ভিৰ আৰু আলট্ৰাচাউণ্ড কোঠাত উমাল কম্বল লৈ শুই আছে চিকিৎসক । AMCHৰ চিকিৎসকৰ এনে আচৰণ দেখি আচৰিত ৰোগী আৰু ৰোগীৰ আত্মীয় । সাংবাদিকৰ কেমেৰা দেখি পলায়ন চিকিৎসকৰ ।

By

Published : Mar 24, 2023, 3:26 PM IST

AMCH doctor negligence
নিশা হাস্পতালত শুবলৈহে যায় চিকিৎসক

নিশা হাস্পতালত শুবলৈহে যায় চিকিৎসক

মৰাণ, ২৪ মাৰ্চ : ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ড৹ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকে ৰোগীক সেৱা কৰাত কোনো ধৰণৰ অৱহেলা কৰিব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশ দিছে । চৰকাৰী চিকিৎসালয়ত ২৪ ঘণ্টাই চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক উপস্থিত থকাৰ নিৰ্দেশও দিছে স্বাস্থ্য বিভাগে । তেনে সময়তে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত আজৱ ঘটনা । নিশা হাস্পতালত শুই থাকে কৰ্তব্যৰত চিকিৎসকে (Doctor negligence in AMCH)। ইফালে বাহিৰত সংকটজনক ৰোগীৰ হাহাকাৰ ।

উল্লেখ্য যে বৃহস্পতিবাৰে নিশা হঠাৎ হুলস্থূলীয়া পৰিৱেশ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত (Tense situation in AMCH)। হাস্পতালখনৰ জৰুৰীকালীন সেৱাৰ চিকিৎসকৰ কৰ্মকাণ্ডই আচৰিত কৰি তুলিছে ৰোগী তথা ৰোগীৰ পৰিয়ালক । চিকিৎসকৰ কৰ্মকাণ্ডৰ কথা শুনিলে আপুনিও আচৰিত হ'ব ।

নিশা তেতিয়া প্ৰায় ১২ মান বাজিছিল । সংকটজনক অৱস্থাত বহু ৰোগী হাস্পতালখনত ভৰ্তি হৈছে । ইফালে জৰুৰীকালীন বিভাগৰ চিকিৎসকে ৰোগীসকলক আলট্ৰাচাউণ্ড কৰিবলৈ পৰামৰ্শ দিছে । লগে লগে ৰোগী আৰু আত্মীয়ই আলট্ৰাচাউণ্ডৰ বাবে হাস্পতালৰ ৰেডিঅ'লজি বিভাগত ভিৰ কৰিছে । কিন্তু আলট্ৰাচাউণ্ডৰ দায়িত্বত থকা চিকিৎসকৰ কোনো খা-খবৰ নাই । কাৰণ চিকিৎসক গভীৰ নিদ্ৰাত (Doctors sleep on duty at AMCH)।

ৰোগীৰ ভিৰ দেখি ভয়ে ভয়ে সুৰক্ষা কৰ্মীয়ে আলট্ৰাচাউণ্ড কোঠাত সোমাই গৈ চিকিৎসকক মাতিছে । পিছে চিকিৎসকে উমাল কম্বল লৈ শুই আছে সেয়েহে তেওঁ দুঘণ্টা পাছত হে ৰোগীৰ আলট্ৰাচাউণ্ড কৰিব পাৰিব । ইফালে কোঠাৰ বাহিৰত বিষৰ যন্ত্ৰণাত আছে প্ৰসূতি । কিন্তু তালৈ কোনো ভ্ৰূক্ষেপ নাই চিকিৎসকৰ । দুঘণ্টা শুই তাৰ পাছত হে আলট্ৰাচাউণ্ড কৰিব চিকিৎসকে ।

চিকিৎসকৰ এনে অৱস্থা দেখি হতভম্ব ৰোগী আৰু ৰোগীৰ পৰিয়াল । ক্ষোভিত লোকসকলে সংবাদমাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰিলে । সংবাদমাধ্যমৰ কেমেৰা দেখি অৱশেষত চিকিৎসক উঠিল যদিও কোঠাৰ পৰা পলায়ন কৰে (Negligence of Doctor in AMCH)।

ৰোগীৰ জীৱনক লৈ চিকিৎসকে হেতালি খেলাৰ বহু অভিযোগ উত্থাপন হয় যদিও অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসকৰ এনে কৰ্মকাণ্ডই চিন্তিত কৰি তুলিছে সচেতন মহলক । স্বাস্থ্য বিভাগৰ উন্নয়নৰ কথা কোৱা স্বাস্থ্যমন্ত্ৰী লগতে অসমৰ মুখ্যমন্ত্ৰীকো কঠোৰ সমালোচনা কৰিছে বিভিন্নজনে । ৰাইজৰ প্ৰশ্ন ৰাজ্যৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালতে যদি এনে পৰিৱেশ হয় তেনেহ'লে ৰাজ্যৰ বাকী চিকিৎসালয়ৰ অৱস্থা কি হ'ব ?

লগতে পঢ়ক :Police secretly released rape accused: ধৰ্ষণৰ গোচৰত অভিযুক্তক আৰক্ষীয়ে পলুৱাই পঠিয়ালে বহিঃৰাজ্যলৈ !

ABOUT THE AUTHOR

...view details