ডিব্ৰুগড়, 11 আগষ্ট: প্ৰবীণ সাংবাদিক ৰাজেন্দ্ৰনাথ সন্দিকৈলৈ ডিব্ৰুগড় প্ৰেছ ক্লাৱে প্ৰদান কৰিলে এই বৰ্ষৰ নীলিম চৌধুৰী সোঁৱৰণী সাংবাদিকতা বঁটা । কে কে চহৰীয়া লায়ন্স চকু চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা প্ৰয়াত সাংবাদিক নীলিম চৌধুৰীৰ একাদশ বাৰ্ষিক স্মৃতিচাৰণ অনুষ্ঠানৰ লগত সংগতি ৰাখি ডিকমৰ প্ৰবীণ সাংবাদিকজনলৈ ডিব্ৰুগড় প্ৰেছ ক্লাৱে প্ৰদান কৰিলে এই বিশেষ বঁটা (Neelim Chowdhury Memorial Journalism Award by Rajendra Nath Sandikoi) ।
ক্লাৱৰ সভাপতি প্ৰবীৰ কুমাৰ চক্ৰৱৰ্তীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা অনুষ্ঠানত প্ৰয়াত সাংবাদিক নীলিম চৌধুৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হয় । ক্লাৱৰ সাধাৰণ সম্পাদক অনিল কুমাৰ পোদ্দাৰে উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক শোভিত কুমাৰ ছেত্ৰী ।
প্ৰয়াত সাংবাদিক নীলিম চৌধুৰীৰ সৈতে লাভ কৰা সান্নিধ্যৰ কথা স্মৰণ কৰি এগৰাকী সাংবাদিক হিচাপে থাকিবলগীয়া সকলো গুণেই নীলিম চৌধুৰীৰ গাত দেখা গৈছিল বুলি মন্তব্য কৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে । অনুষ্ঠানত ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ উপদেষ্টা শৰৎ নেওগ, আকাশবাণী ডিব্ৰুগড়ৰ অনুষ্ঠান কাৰ্যবাহী লোহিত ডেকা, নীলিম চৌধুৰীৰ পৰিয়ালৰ হেমন্ত বৰ্মন আদিকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।