অসম

assam

By

Published : Jun 10, 2021, 9:53 AM IST

ETV Bharat / state

ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি দিহিং পাটকাইলৈ: উৎফুল্লিত ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী

অৱশেষত দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰাৰ আনুষ্ঠানিকতা সম্পূৰ্ণ হ’ল ৷ অভয়াৰণ্যখনক ৰাষ্ট্ৰীয় উদ্যানলৈ পৰিৱৰ্তিত কৰাত উৎফুল্লিত হৈ পৰিছে ৰাজ্যৰ প্ৰকৃতিপ্ৰেমীসকল ৷

nature-lovers-are-excited-over-declaration-of-dihing-patkai-as-national-park
ৰাষ্ট্ৰীয় উদ্যান হ’ল দিহিং পাটকাই: উৎফুল্লিত ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী

মৰাণ,10 জুন : অৱশেষত দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হয় । ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ বিশাল অঞ্চল সামৰি থকা দিহিং পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়াৰ খবৰে ৰাজ্যৰ প্ৰকৃতিপ্ৰেমীসকলক উৎফুল্লিত কৰি তোলা দেখিবলৈ পোৱা গৈছে ।

স্মৰ্তব্য যে, দুখনকৈ জিলাৰ ১১১.১৯ বৰ্গ কিল’মিটাৰ অঞ্চল সামৰি থকা দিহিং পাটকাই অভয়াৰণ্য ইয়াৰ প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰ বাবে বিখ্যাত । আপুৰুগীয়া জীৱ-জন্তু, চিৰহৰিৎ বনাঞ্চল, এশৰো অধিক অৰ্কিড, চৰাই-চিৰিকতিৰে ভৰপূৰ বিশাল বনভূমি দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যক অৱশেষত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰাৰ আনুষ্ঠানিকতা সম্পূৰ্ণ হ’ল ৷

প্ৰকৃতিপ্ৰেমী সৌম্যদ্বীপ দত্তৰ প্ৰতিক্ৰিয়া

উল্লেখ্য যে, অসম-অৰুণাচল সীমান্তৱৰ্তী চিৰসেউজ এই বনভূমিৰ প্ৰশাসনিক দায়িত্ব চম্ভালিব জয়পুৰ বনাঞ্চলিক কাৰ্যালয়ৰ লগতে চৰাইপুং বনাঞ্চলিক কাৰ্যালয়ে ৷ ৰাষ্ট্ৰীয় উদ্যানখনত অন্তৰ্ভুক্ত হৈছে পূৰ্বৰ বন্যপ্ৰাণী অভয়াৰণ্যখনৰ লগতে বৰ্ষাৰণ্য(rain forest) হিচাপে পৰিচিত জয়পুৰ সংৰক্ষিত বনাঞ্চল(Joypur resreve forest)। বনভূমি সংৰক্ষণৰ বাবে চৰকাৰে গ্ৰহণ কৰা ইতিবাচক সকলো পদক্ষেপকে সমৰ্থন কৰি যোৱাৰ কথা ব্যক্ত কৰে নেচাৰ্চ বেকন(natures beckon) নামৰ পৰিৱেশ সংৰক্ষণৰ সৈতে জড়িত সংগঠনটোৰ সঞ্চালক সৌম্যদ্বীপ দত্তই ।

লগতে পঢ়ক :অসম আৰক্ষীত নিযুক্তি দিয়া হ'ব 12,000 নিৱনুৱাক

ABOUT THE AUTHOR

...view details