অসম

assam

নাহৰকটীয়া এছ বি আইৰ উদ্যোগত ৰাষ্ট্ৰীয় কৃষক দিৱস উদযাপন

By

Published : Dec 24, 2020, 8:54 AM IST

কৃষক দিৱস উপলক্ষে চহা কৃষকসকলক উৎসাহ জনেৱাৰ উদ্দেশ্যে এই দিনটোত ভাৰতীয় ষ্টেট বেংকৰ নাহৰকটীয়া শাখাই ইয়াৰ অন্তৰ্গত জামুগুৰি কুঁৱৰী পথাৰস্থিত চি এছ পি'ত এক অনুষ্ঠানৰ আয়োজন কৰে ৷ তিনি গৰাকী কৃষকক এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় ৷

National farmer's day
National farmer's day

নাহৰকটীয়া, 24 ডিচেম্বৰ :সমগ্ৰ দেশতে 23 ডিচেম্বৰ দিনটো কৃষক দিৱস হিচাপে উদযাপন কৰা হৈছে ৷ স্বাধীন ভাৰতৰ পঞ্চম গৰাকী প্ৰধানমন্ত্ৰী প্ৰয়াত চৌধুৰী চৰণ সিঙৰ ওপজা দিনটোতে তেওঁক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে দেশজুৰি ৰাষ্ট্ৰীয় কৃষি দিৱস হিচাপে পালন কৰি অহা হৈছে ৷

কৃষক দিৱস উপলক্ষে চহা কৃষকসকলক উৎসাহ জনেৱাৰ উদ্দেশ্যে এই দিনটোত ভাৰতীয় ষ্টেট বেংকৰ নাহৰকটীয়া শাখাই ইয়াৰ অন্তৰ্গত জামুগুৰি কুঁৱৰী পথাৰস্থিত চি এছ পি'ত এক অনুষ্ঠানৰ আয়োজন কৰে ৷ কেচিচিৰ অধীনত এছ বি আয়ে ঋণ প্ৰদান কৰা অঞ্চলটোৰ কৃষক সকলক এই অনুস্থানতে উৎসাহ জনোৱাৰ উপৰিও কৃষি কৰ্মৰে বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা ক্ৰমে যোগেন সোণোৱাল, প্ৰতাপ গগৈ আৰু গুণ গগৈক এছ বি আইৰ তৰফৰ পৰা এখনিকৈ ফুলাম গামোছাৰে সম্বৰ্ধনাও জ্ঞাপন কৰা হয় ৷

নাহৰকটীয়া এছ বি আইৰ উদ্যোগত ৰাষ্ট্ৰীয় কৃষক দিৱস উদযাপন

উল্লেখ্য যে এছ বি আই নাহৰকটীয়া শাখাৰ বিজনেচ কৰেচপণ্ডেন্ট নিপেন গগৈয়ে আঁত ধৰা উক্ত অনুষ্ঠানত উপস্থিত থাকে শাখাৰ ক্ষেত্ৰ পৰিদৰ্শক দীপজ্যোতি ডেকা ৷ ইফালে ডেকাই কৃষকসকলক দেশৰ অৰ্থনীতিৰ মেৰুদণ্ড বুলি অভিহিত কৰি তেওঁলোকক শুভেচ্ছা জনোৱাৰ লগতে দেশৰ পঞ্চমগৰাকী তথা কৃষকদৰদী প্ৰধানমন্ত্ৰী প্ৰয়াত চৌধুৰী চৰণ সিঙক শ্ৰদ্ধাৰে সোঁৱৰে ৷

লগতে পঢ়ক :হোটেল ৰেডিচন ব্লুত বন্দী বিটিচিৰ নৱ নিৰ্বাচিত পাৰিষদ

ABOUT THE AUTHOR

...view details