অসম

assam

ETV Bharat / state

1995 চনৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা প্ৰাপক কল্যাণী দেৱীৰ মনৰ বতৰা - প্ৰাক্তন ৰাষ্ট্ৰপতি ড৹ শংকৰ দয়াল শৰ্মা

1995 চনৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা প্ৰাপক মৰাণ খোৱাঙৰ কল্যাণী দেৱীয়ে স্মৰণ কৰিলে বিশেষ দিনটো ৷ খোৱাং অঞ্চলত তেওঁ বহু কেইখন ছোৱালী স্কুল-কলেজ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱাৰ বাবে ত্যাগ আৰু কষ্টৰ স্বীকৃতি স্বৰূপে সেই সময়ৰ ৰাষ্ট্ৰপতি ড৹ শংকৰ দয়াল শৰ্মাই তেওঁক প্ৰদান কৰিছিল ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা ।

national-award-winning-teacher-kalyani-devi-remembering-special-day-of-1995
1995 চনৰ ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপ্ৰক কল্যাণী দেৱীৰ মনৰ বতৰা

By

Published : Sep 5, 2021, 10:28 PM IST

Updated : Sep 5, 2021, 10:40 PM IST

মৰাণ, 5 ছেপ্টেম্বৰ : 1995 চনতেই ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা প্ৰাপক মৰাণ খোৱাঙৰ কল্যাণী দেৱীয়ে স্মৰণ কৰিলেই সেই বিশেষ দিনটো ৷ সেই সময়ৰ তদানীন্তন ৰাষ্ট্ৰপতি ড৹ শংকৰ দয়াল শৰ্মাই ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰিছিল কল্যাণী দেৱীক ৷ দেওবাৰৰ শিক্ষক দিৱসৰ বিশেষ দিনটোত দেশজুৰি শিক্ষক সকলক বিশেষভাৱে শ্ৰদ্ধা আৰু সন্মান জনোৱা হয় । 1995 চনৰ এই দিনটোতেই ৰাজ্যখনৰ ভিতৰত ডিব্ৰুগড় জিলাৰ খোৱাঙৰ কল্যাণী দেৱীয়ে লাভ কৰিছিল ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা ।

1995 চনৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা প্ৰাপক কল্যাণী দেৱীৰ মনৰ বতৰা

খোৱাং পিথুবৰ ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰীৰ দায়িত্বত থকা কল্যাণী দেৱীক সেই সময়ৰ ৰাষ্ট্ৰপতি ড৹ শংকৰ দয়াল শৰ্মাই ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰিছিল । বৰ্তমান অৱসৰ গ্ৰহণ কৰা কল্যাণী দেৱীয়ে ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা গ্ৰহণ কৰা সেই দিনটোৱে অজিও উৎসাহিত কৰে বুলি জানিবলৈ দিছে । কল্যাণী দেৱীয়ে শিক্ষকতা কৰাৰ ওপৰিও সমগ্ৰ ডিব্ৰুগড় জিলাতে নাৰী শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।

খোৱাং অঞ্চলত তেওঁ বহু কেইখন ছোৱালী স্কুল-কলেজ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল ।

তেওঁৰ এই ত্যাগ আৰু কষ্টৰ স্বীকৃতি স্বৰূপে সেই সময়ৰ ৰাষ্ট্ৰপতি ড৹ শংকৰ দয়াল শৰ্মাই প্ৰদান কৰিছিল ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা । পূৰ্বৰ আন্তৰিকতা শ্ৰদ্ধা ভক্তি আজিৰ শিক্ষা ব্যৱস্থাত কিছু কম হোৱা বুলিও কয় কল্যাণী দেৱীয়ে ।‌ আজি এই বিশেষ দিনটোত খোৱাং আঞ্চলিক ছাত্ৰ সন্থাই ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা প্ৰাপক কল্যাণী দেৱীৰ ঘৰত উপস্থিত হৈ জনাই সম্বৰ্ধনা ।

লগতে পঢ়ক :চাকৰি দিয়াটো নহয় শিক্ষা দিয়াটোহে শিক্ষা বিভাগৰ মূল কাম : ৰণোজ পেগু

Last Updated : Sep 5, 2021, 10:40 PM IST

ABOUT THE AUTHOR

...view details