অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ৰ এগৰাকী সাহসী, সুদক্ষ কৰ্মপটু গৃহৰক্ষী জোৱানলৈ ৰাষ্ট্ৰীয় বঁটা - The Driver Keral Award

এগৰাকী সাহসী, সুদক্ষ কৰ্মপটু গৃহৰক্ষী জোৱানলৈ ৰাষ্ট্ৰীয় বঁটা । সৰ্বভাৰতীয় এংলো ইণ্ডিয়ান এছ'চিয়েচনে আগবঢ়াইছে "দ্য ড্ৰাইভাৰ কেৰল এৱাৰ্ড"(The Driver Keral Award)ৰ বিৰল সন্মান। নাম তেওঁৰ চেন মেক নায়াৰ। খাকী পোছাকধাৰী এগৰাকী অসাধাৰণ ব্যক্তি হিচাপে ইতিমধ্যেই তেওঁ লাভ কৰিছে বিশেষ চৰ্চা ।

national award to a home guard of dibrugarh
ডিব্ৰুগড়ৰ এগৰাকী সাহসী, সুদক্ষ কৰ্মপটু গৃহৰক্ষী জোৱানলৈ ৰাষ্ট্ৰীয় বঁটা

By

Published : Mar 13, 2022, 7:17 PM IST

Updated : Jan 18, 2023, 12:42 PM IST

মৰাণ,১৩ মাৰ্চ:এগৰাকী সাহসী, সুদক্ষ কৰ্মপটু গৃহৰক্ষী জোৱানলৈ ৰাষ্ট্ৰীয় বঁটা (national award to a home guard of dibrugarh)। সৰ্বভাৰতীয় এংলো ইণ্ডিয়ান এছ'চিয়েচনে আগবঢ়াইছে "দ্য ড্ৰাইভাৰ কেৰল এৱাৰ্ড"(The Driver Keral Award)ৰ বিৰল সন্মান। নাম তেওঁৰ চেন মেক নায়াৰ। খাকী পোছাকধাৰী এগৰাকী অসাধাৰণ ব্যক্তি হিচাপে ইতিমধ্যেই তেওঁ লাভ কৰিছে বিশেষ চৰ্চা।

এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তি। মুক বধিৰ। দেখাত চুটি চাপৰ মানুহজনৰ মুখত অনবৰতে লাগি থাকে হুইচেলটো। ৰ'দ বৰষুণ নেওচি সদায় যানবাহন নিয়ন্ত্ৰণত ব্যস্ত থাকে মানুহজনে। তেখেতৰ কৰ্তব্য নিষ্ঠাৰ বাবেই দুৰ দুৰণিৰ মানুহেও তেখেতক ৰ' লাগি চায় ।

ডিব্ৰুগড়ত তেখেতক চিনি নোপোৱা মানুহ খুব কমেই ওলাব । সুদীৰ্ঘ কেইবা বছৰ ধৰি বিনা পাৰিশ্ৰমিকেৰে ডিব্ৰুগড়ত যান বাহন নিয়ন্ত্ৰণত জড়িত এইগৰাকী ব্যক্তিৰ বিষয়ে আঞ্চলিক আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বিশেষ চৰ্চা লাভ কৰাত শেহতীয়াকৈ অসম আৰক্ষীয়ে গৃহৰক্ষী জোৱান হিচাপে নিযুক্তি প্ৰদান কৰিছে ।

সৰ্বভাৰতীয় এংলো ইণ্ডিয়ান এছ'চিয়েচনে তেখেতৰ সেৱাৰ স্বীকৃতি স্বৰূপে আগবঢ়োৱা সন্মান প্ৰাপ্তিত পত্নী, দুই কন্যাৰ লগতে মাতৃ আৰু ভাতৃৰ মাজত আনন্দৰ জোৱাৰ উঠিছে । নিজ মাতৃৰ লগতে গৃহ জোৱান জনৰ দুচকুৰে বাগৰিছে আনন্দাশ্ৰু ।

লগতে পঢ়ক:সৰ্থেবাৰীত প্ৰায় ২০০ মহিলাই ল'লে মৌ পালনৰ প্ৰশিক্ষণ

Last Updated : Jan 18, 2023, 12:42 PM IST

ABOUT THE AUTHOR

...view details