মৰাণ, 4 ডিচেম্বৰ : জাতীয় সমস্যাসমূহক লৈ আন্দোলন কৰাৰ সমান্তৰালভাৱে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা(All Dibrugarh District Students Union)ই এইবাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি ভাওনা(Srimanta SankardevaBhaona) সংস্কৃতিক পুনৰ উজ্জীৱিত কৰাৰ বাবে প্ৰচেষ্টা চলাইছে ।
সেই অনুসৰি, ১৬ ডিচেম্বৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে নামৰূপত অনুষ্ঠিত হ'ব ভাওনা সমাৰোহ(Namrup Bhaona Samaroh) । সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত আৰু নামৰূপবাসীৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া ভাওনা সমাৰোহৰ লাইখুঁটা শুকুৰবাৰে আধ্যাত্মিক পৰিৱেশৰ মাজেত স্থাপন কৰা হয় ৷