অসম

assam

ETV Bharat / state

নামৰূপত আছুৰ অভিনৱ প্ৰতিবাদ - AASU UNIQUE PROTEST

নামৰূপত চৰকাৰৰ সুমতি বিচাৰি নাম-কীৰ্ত্তন কৰিলে আছুৱে  ৷ গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰি পথৰ দাঁতিত গুৱা-পাণ, শৰাই নৈবেদ্য আগবঢ়াই নাম কীৰ্তন কৰি নেদেখাজনৰ ওচৰত সুমতি বিচাৰিলে নামৰূপ ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে ৷

নামৰূপত আছুৰ অভিনৱ প্ৰতিবাদ

By

Published : Aug 14, 2019, 8:07 AM IST

নামৰূপ,14 আগষ্ট: নামৰূপত আছুৰ অভিনৱ প্ৰতিবাদ ৷ গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰি পথৰ দাঁতিত গুৱা পাণ, শৰাই নৈবেদ্য আগবঢ়াই নাম কীৰ্তন কৰি নেদেখাজনৰ ওচৰত সুমতি বিচাৰিলে নামৰূপ ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা জৰাজীৰ্ণ অৱস্থাত আছে নামৰূপ টিংখাং সংযোগী মূল পথটো ৷ জৰাজীৰ্ণ এই পথটোৱেদি আহ-যাহ কৰাৰ ফলত দুৰ্ভোগ ভূগিব লগা হৈছে স্থানীয় ৰাইজৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলে ৷ গাঁৱৰ ৰাইজে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক পথটো মেৰামতিৰ বাবে কাকুতি মিনতি কৰি আহিছিল যদিও আজিকোপতি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বিভাগটোৱে ৷ যাৰ প্ৰতিবাদত মঙলবাৰে পশ্চিম নামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত স্থানীয় ৰাইজে গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে ক্ষোভ উজৰাৰ লগতে চৰকাৰৰ সুমতি বিচাৰি নাম প্ৰসংগৰ আয়োজন কৰে৷

নামৰূপত আছুৰ অভিনৱ প্ৰতিবাদ

ইফালে প্ৰতিবাদ স্থলীতে আছুৱে গড়কাপ্তানি বিভাগক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে গড়কাপ্তানি বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উক্ত বিভাগৰ পৰা পদত্যাগৰো দাবী তোলে ৷ আনহাতে যি সময়ত ৰাজ্য চৰকাৰে ৰাজ্যৰ ৰাজপথ সমূহৰ উন্নয়নৰ শ্লোগান দি আহিছে সেই সময়তে গাঁৱৰ ৰাইজে নেদেখা জনৰ আশীষ বিচাৰি পথৰ দাঁতিত বহি এনেদৰে নাম কীৰ্ত্তন কৰিব লগা ঘটনাই কিন্তু প্ৰকৃততে প্ৰতিফলিত কৰিছে চৰকাৰৰ প্ৰকৃত উন্নয়নৰ নমুনা ৷

ABOUT THE AUTHOR

...view details