অসম

assam

ETV Bharat / state

নামৰূপ আছুৰ উদ্যোগত আৰ্থিক ভাৱে দুৰ্বল ছাত্র ছাত্ৰীক এক কালীন সাৰ্হায প্ৰদান

প্ৰয়াত অভিষেক মিলিৰ পিতৃ সমাজ কৰ্মী গোপাল চন্দ্ৰ মিলি আৰু মাতৃ বন্তি মিলিয়ে এই অনুষ্ঠানত উপস্থিত থাকি প্ৰয়াত অভিষেকৰ স্মৃতিত ন্যাসে অনাগত দিনটো এই ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি যাব বুলি উল্লেখ কৰে ৷

Namrup aasu help poor student
নামৰূপ আছুৰ উদ্যোগত আৰ্থিক ভাৱে দুৰ্বল ছাত্র ছাত্ৰীক এক কালীন সাৰ্হায প্ৰদান

By

Published : Aug 13, 2020, 4:30 PM IST

নামৰূপ, 13 আগষ্টঃ বৃহস্পতিবাৰে নামৰূপ আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবাৰো নামৰূপৰ আৰ্থিক ভাৱে দুৰ্বল চাৰি গৰাকীকৈ ছাত্ৰ ছাত্ৰীক অভিষেক মিলি ন্যাসৰ তৰফৰ পৰা এক কালীন সাহায্য প্ৰদান কৰে । সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ বাহুল্য নকৰি নামৰূপ আছুৰ কাৰ্যালয়তে আনুষ্ঠানিক ভাৱে এই কায্যসূচী ৰূপায়ন কৰা হয় ।

নামৰূপ আছুৰ উদ্যোগত আৰ্থিক ভাৱে দুৰ্বল ছাত্র ছাত্ৰীক এক কালীন সাৰ্হায প্ৰদান

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ক্ৰমে অংকুৰ বৈদ্য, ভাগ্যলিপি খনিকৰ, আৰু ধনিষ্ঠা চৌধুৰীৰ লগতে স্নাতক পৰ্যায়ৰ দিপালী শইকীয়াক অভিষেক মিলি ন্যাসে এক কালীন আৰ্থিক সাহায্য প্ৰদানৰ লগতে গামোচা, কিতাপৰ টোপোলা ও মানপত্ৰ প্ৰদান কৰে । নামৰূপ আছুৰ সভাপতি কল্প জিৎ গগৈয়ে আঁত ধৰা উক্ত অনুষ্ঠানত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সহঃসম্পাদক অৱনী কুমাৰ গগৈ, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দেৱজিত গগৈ, উপদেষ্টা চন্দন গগৈ , সাংবাদিক স্মৃতি ৰেখা কলিতা উপস্থিত থাকে। প্ৰয়াত অভিষেক মিলিৰ পিতৃ সমাজ কৰ্মী গোপাল চন্দ্ৰ মিলি আৰু মাতৃ বন্তি মিলিয়ে এই অনুষ্ঠানত উপস্থিত থাকি প্ৰয়াত অভিষেকৰ স্মৃতিত ন্যাসে অনাগত দিনটো এই ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি যাব বুলি উল্লেখ কৰে ৷

লগতে পঢ়কঃ চিকিৎসালয়ত এসপ্তাহে চিকিৎসকৰ সাক্ষাৎ নাপালে ক’ভিড আক্ৰান্তই

ABOUT THE AUTHOR

...view details