অসম

assam

By

Published : Mar 17, 2020, 9:04 PM IST

ETV Bharat / state

শান্তিৰ আন এক নাম নামফাকে গাঁও

ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া নগৰৰ পৰা মাত্ৰ তিনি কিলোমিটাৰ নিলগত অৱস্থিত দেশ-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু নামফাকে গাঁৱৰ লোকসকলৰ বিৰুদ্ধে আজি পৰ্যন্ত নাই কোনো ধৰণৰ গোচৰ ৷

নামফাকে গাঁও
নামফাকে গাঁও

নাহৰকটীয়া, 17 মাৰ্চঃ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত অৱস্থিত এখন গাঁও ৷ দেশ-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই গাঁওখন ৷ য'ত বিৰাজ কৰে কেৱল শান্তিৰ পৰিৱেশ, য'ত আগস্থান দিয়া হয় পৰম্পৰাগত কৃষ্টি-সংস্কৃতিক ৷

পৰম্পৰাগত কৃষ্টি-সংস্কৃতিৰে ভৰপুৰ নামফাকে গাঁও

ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া নগৰৰ পৰা মাত্ৰ তিনি কিলোমিটাৰ নিলগত অৱস্থিত এই গাঁওখনৰ নাম হ'ল নামফাকে ৷ 1852 চনতেই ব্ৰক্ষ্মদেশৰ হুকং উপত্যকাৰ পৰা অহা বৌদ্ধধৰ্মী লোকসকলে স্থাপন কৰিছিল গাঁওখনত এটা বৌদ্ধ মন্দিৰ ৷ ডেৰশ বছৰৰো অধিক পুৰণি এই গাওঁখনত আজিও বিৰাজমান ভগবান বুদ্ধৰ নীতি আৰু পৰম্পৰা ৷ একাধিক মহত্ব সমন্বলিত এই গাঁও খনৰ আন এক উল্লেখনীয় দিশ হ'ল যে, গাঁওখনত আজি পৰ্যন্ত নাই কোনো এটা গোচৰ ৷ নাহৰকটীয়া থানাত এই গাঁওখনৰ লোকৰ বিৰুদ্ধে নাই কোনো এটা গোচৰ ৷ কিয়নো স্থানীয় ৰাইজৰ মতে, গাঁওখনত কোনো পৰিস্থিতিৰ উদ্ভৱ হ'লে সকলোৱে শৰণাপন্ন হয় নামফাকে বৌদ্ধ মন্দিৰৰ বিহাৰাধ্যক্ষ ভান্তে জ্ঞানপাল মাহাথেৰৰ ওচৰত ৷ যাৰ আদেশ, পৰামৰ্শ মানি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে সকলোৱে ৷

শান্তিৰ আন এক নাম নামফাকে গাঁও

ৰীতি নীতি পৰম্পৰাৰে গাঁওখনত বিভিন্ন চাংকেন অৰ্থাৎ উৎসৱ যেনে বহাগৰ প্ৰথম দিনটোত উদযাপন কৰা পানীৰ উৎসৱ পই চাংকেন, মাঘ মাহৰ পূৰ্ণিমাৰ দিনা উদযাপন কৰা মেজিৰ উৎসৱ পই মাইক'চুম ফাই, বুদ্ধ পূৰ্ণিমা, সংক্ৰান্তি আদি পালন কৰি অহাৰ লগতে, শিক্ষাৰ ক্ষেত্ৰটো যঠেষ্ট আগবঢ়া গাঁওখনৰ লোকসকল ৷ য'ত শতকৰা প্ৰায় ৯০% লোকেই চৰকাৰী চাকৰিয়াল ৷ সাজ পোছাককে ধৰি চাং ঘৰলৈ সকলো পৰম্পৰাই যেন ধৰি ৰাখিছে গাঁওখনৰ লোকে ৷ যেন শান্তিৰ অন্য এক নাম এই নামফাকে বৌদ্ধ গাঁও ৷

লগতে পঢ়কঃইতিহাসপ্ৰসিদ্ধ শ্ৰীশ্ৰীআদ্য দেওপানী গজলা সত্ৰৰ কথাৰে......

ABOUT THE AUTHOR

...view details