অসম

assam

ETV Bharat / state

গায়ন-বায়নেৰে মুখৰিত হ'ল মোহনবাৰী গাঁৱৰ নামঘৰ

বহু দিনীয়া আশা পূৰণ হ'ল মিৰিপথাৰ গাঁৱৰ স্থানীয় ৰাইজৰ ৷ মিৰিপথাৰ গাঁৱৰ পুৰণা নামঘৰটো স্থানীয় বিধায়কৰ সহযোগত নতুনকৈ নিৰ্মাণ কৰি উলিয়ালে চতুদৰ্শ বিত্তীয় আয়োগৰ প্ৰায় ১০ লাখ ৬৮ হাজাৰ টকা পুঁজিৰে ৷ নামঘৰটি সুন্দৰকৈ নিৰ্মাণ কৰি উলিওৱাৰ পাচত দেওবাৰে গায়ন-বায়নেৰে শুভ উদ্ধোধন কৰে স্থানীয় বিধায়ক ঋতুপৰ্ণ বৰুৱাই ৷

Namghar of Mohanbari gaon inaugurated by MLA Rituparna Boruah
গায়ন-বায়নেৰে মুখৰিত হ'ল মোহনবাৰী গাঁৱৰ নামঘৰ

By

Published : Dec 14, 2020, 10:29 PM IST

মৰাণ,14 ডিচেম্বৰ : গায়ন-বায়নেৰে মুখৰিত হ'ল মোহনবাৰী গাঁৱৰ নামঘৰৰ প্ৰাংগন ৷ বহু দিনীয়া আশা পুৰণ হ'ল স্থানীয় ৰাইজৰ ৷ লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত মিৰিপথাৰ গাঁৱৰ পুৰণি নামঘৰটো নতুনকৈ নিৰ্মাণ কৰাৰ বাবে স্থানীয় ৰাইজে বহুবাৰ আবেদন জনাইছিল ৷ কিন্তু এই সপোন পূৰণ কৰিলে স্থানীয় বিধায়ক গৰাকীয়ে ৷ বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ সহযোগত চতুদৰ্শ বিত্তীয় আয়োগৰ প্ৰায় ১০ লাখ ৬৮ হাজাৰ টকা পুঁজিৰে পুনৰ নিৰ্মাণ কৰিলে নামঘৰটো ৷

গায়ন-বায়নেৰে মুখৰিত হ'ল মোহনবাৰী গাঁৱৰ নামঘৰ

উল্লেখ যে, নামঘৰটি সুন্দৰকৈ নিৰ্মাণ কৰি উলিওৱাৰ পাচত দেওবাৰে মটক জনগোষ্ঠীয় ধৰ্মীয় গায়ন-বায়নৰ দ্বাৰা নামঘৰটোৰ শুভ উদ্ধোধন কৰে স্থানীয় বিধায়ক ঋতুপৰ্ণ বৰুৱাই ৷ নামঘৰটি আটক ধুনীয়াকৈ সজাই তোলাৰ বাবে বিধায়ক গৰাকীৰ লগতে মোহনবাৰী গাঁও পঞ্চায়তৰ সভাপতি ৰঞ্জন বৰুৱাক মিৰিপথাৰ গাঁওবাসীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে ৷

গায়ন-বায়নেৰে মুখৰিত হ'ল মোহনবাৰী গাঁৱৰ নামঘৰ

লগতে পঢ়ক:মৰিয়নীত প্ৰয়াত তৰুণ গগৈক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

ABOUT THE AUTHOR

...view details