ডিব্ৰুগড়,16 নৱেম্বৰ: আজি নাহৰকটীয়াত অগপৰ জাতীয় ঐক্য সন্মিলনৰ এখন অনুষ্ঠান অনুষ্ঠিত হয় ৷ প্ৰায় ৫ সহস্ৰাধিক লোকৰ অংশগ্ৰহণত আয়োজন হোৱা সভাখনত সভাপতিত্ব কৰে অগপৰ স্থানীয় নেতা প্ৰদীপ দুৱৰাই ৷ এই সভাত উপস্থিত থাকে অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, প্ৰাক্তন বিধায়ক হিৰণ্য কোঁৱৰ, দলটোত নতুনকৈ যোগদান কৰা কণ্ঠশিল্পী কল্পনা পাটোৱাৰীকে ধৰি বহু কেইগৰাকী নেতা ৷ দলটোৰ নেতাসকলক গায়ন-বায়নৰে আদৰি অনাৰ উপৰিও জিকিৰ-শংকৰী কলা কৃষ্টি, ঝুমুৰ আদিৰ প্ৰদৰ্শনেৰে সামাজিক ঐক্যক প্ৰতিফলিত কৰিবলৈ চেষ্টা চলায় উদ্যোক্তাসকলে ৷
অগপৰ কেন্দ্ৰীয় সভাপতি অতুল বৰাই নিজৰ ভাষণত আক্ৰমণৰ লক্ষ্য কৰি লয় কংগ্ৰেছ আৰু এআইইউডিএফৰ লগতে নৱগঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক ৷ আঞ্চলিক দল দুটাক কংগ্ৰেছ আৰু এআইইউডিএফে পৃষ্ঠপোষকতা কৰা বুলিও কটাক্ষ কৰে ৷ ইয়াৰ লগতে সভাপতি গৰাকীয়ে কয়,ৰাইজে পাবত গজা এই দলবোৰক প্ৰত্যাখান কৰিব ৷ ইফালে ২০২১ৰ নিৰ্বাচনত অগপ আৰু বিজেপিৰ বুজাবুজি অটুট থাকিব বুলি উল্লেখ কৰি সভাপতিগৰাকীয়ে কয় যে মিত্ৰজোঁটৰ হৈ ১৪টা সমষ্টিত অগপৰ প্ৰাৰ্থীয়ে যুঁজ দিব ৷