মৰাণ, 31 মাৰ্চ :হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন (Rongali Bihu 2023) । বিহুৰ দিনা মাহ হালধিৰে গা ধুলে বছৰটোৰ বাবে ছালৰ ৰোগ নহয় বুলি অসমীয়া সমাজ জীৱনত এক বিশ্বাস অতীজৰে পৰা চলি আহিছে । তাৰ প্ৰতি লক্ষ্য ৰাখি বিহুৰ দিনা চহৰ বা নগৰত বসবাস কৰা লোক সকলে যাতে অতি সহজতে মাহ-হালধিৰে স্পৰ্শ ঘৰতে লাভ কৰিব পাৰে তাৰ বাবে দিনে নিশাই বিশেষ চাবোন তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে এগৰাকী মহিলা (Naharkatiya lady making soap with Mah halodhi)।
চ’ত আৰু ব’হাগ দোমাহীৰ দিনাৰ পৰা আৰম্ভ হয় অসমীয়াৰ প্ৰাণৰ উৎসৱ ৰঙালী বিহু ৷ দোমাহীৰ দিনা ঘৰৰ পশুধনক মাহ হালধিৰে নোৱাই-ধুৱাই বছৰটোৰ বাবে মংগল কামনা কৰে অসমীয়া ৰাইজে ৷ তাৰ পিচদিনা অৰ্থাৎ পহিলা ব’হাগত প্ৰতিজন অসমীয়াই মাহ-হালধি সানি গা ধোৱে । গ্ৰামাঞ্চলত মাহ-হালধি অতি সহজে পোৱা যায় (Mah halodhi soap) ৷
কিন্তু কেতবোৰ চৰাঞ্চলত মাহ-হালধি পালেও সেয়া পিচি গাত লগোৱাৰ ক্ষেত্ৰত কিছু জটিলতা আহি পৰে ৷ এতিয়া পিচে এই জটিলতাৰ সন্মুখীন হোৱা সকলে অতি সহজেই পাব মাহ-হালধিৰ স্পৰ্শ ৷ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে মাহ-হালধিযুক্ত গা-ধোৱা চাবোন প্ৰস্তুত কৰাত ব্যস্ত হৈছে নাহৰকটীয়া চাচনী মেৰবিল ভুমুক গাঁৱৰ কাশ্মীৰ ফুকন ।
লগতে পঢ়ক :Bihu in Guinness book of world records: বিহুনাচৰ আখৰা চাবলৈ ধেমাজিত উপস্থিত মন্ত্ৰী অশোক সিংহাল