নাহৰকটীয়া,30 আগষ্টঃ ‘কৰম পৰব’ত চৰকাৰী বন্ধ ঘোষণাৰ দাবীত নাহৰকটীয়াত আটছাৰ প্ৰতিবাদ ৷ শনিবাৰে এক সাংস্কৃতিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে আটছাৰ নাহৰকটীয়া শাখাই ৷ উল্লেখ্য যে, ভাদ মাহৰ শুক্লা একাদশী তিথিত উদযাপন কৰা হয় চাহ জনগোষ্ঠীসকলৰ কৰম পৰব উৎসৱ ৷ কিন্তু দীৰ্ঘদিনীয়া দাবীৰ পিছতো এই দিনটোত চৰকাৰী বন্ধৰ ঘোষণা নকৰিলে কোনো এখন চৰকাৰে ৷ ইয়াকে লৈ ক্ষুদ্ধ হৈ পৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা ৷
নাহৰকটীয়াত আটছাৰ প্ৰতিবাদ
‘কৰম পৰব’ত চৰকাৰী বন্ধ ঘোষণাৰ দাবীত নাহৰকটীয়াত আটছাৰ প্ৰতিবাদ ৷ শনিবাৰে এক সাংস্কৃতিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে আটছাৰ নাহৰকটীয়া শাখাই ৷
নাহৰকটিয়াত আটছাৰ প্ৰতিবাদ
চাহ জনগোষ্ঠীৰ লোকসকলৰ দীৰ্ঘদিনীয়া দাবী সমূহ পূৰণৰ বাবে শনিবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত আহ্বান জনায় আটচা নাহৰকটীয়া শাখাৰ কৰ্মকৰ্তাসকলে ৷ আনহাতে, তেঁওলোকৰ দাবীসমূহ পূৰণ নকৰিলে আগন্তুক বিধানসভা নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলিও হুংকাৰ প্ৰদান কৰে ৷
লগতে পঢ়ক-আঞ্চলিক গণ মৰ্চাৰ সংগ ত্যাগ এল ডি পিৰ