নাহৰকটীয়া, 1 আগষ্ট : নাহৰকটীয়া আৰক্ষীৰ অভিযানত জব্দ হ’ল বৃহৎ পৰিমাণৰ অবৈধ সুৰা ৷ শুকুৰবাৰে সন্ধিয়া নাহৰকটীয়া আৰক্ষীৰ চকীৰ তহলদাৰী দলে এক অভিযান চলাই ডেইলী বজাৰস্থিত এটা বাসগৃহৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷
গোপন তথ্যৰ ভিত্তিত চলোৱা এই অভিযানত নাহৰকটীয়া ডেইলী বজাৰৰ ৰঞ্জিৎ চলিহাৰ বাসগৃহত মজুত কৰি ৰখা অৱস্থাত উদ্ধাৰ কৰে এশ তাতকৈও অধিক অবৈধ সুৰাৰ বটল ৷ ইফালে আৰক্ষীৰ দল দেখি পলায়ন কৰে ঘৰৰ গৰাকী ৰঞ্জিৎ চলিহা ৷
নাহৰকটীয়াত জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা উল্লেখ্য যে, এটা পষেক পূৰ্বে নাহৰকটীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ শইকীয়াই উপপৰিদৰ্শক চিৰঞ্জীৱ তেৰাঙৰ নেতৃত্বত আৰক্ষী আৰু পুলিছ বেটেলিয়ানৰ এটা দল গঠন কৰি মটৰ চাইকেলৰে গাৱে-ভূঞে চহৰে-নগৰে তহলৰ ব্যৱস্থা কৰিছিল ৷ আৰক্ষীৰ এই কৰ্তব্য পৰায়ণতাত নাহৰকটীয়াবাসী ৰাইজ উৎফুল্লিত হোৱা পৰিলক্ষিত হোৱাৰ লগতে সৰ্বসাধাৰণৰ মাজত আৰক্ষীৰ বিশ্বাসযোগ্যতাও বৃদ্ধি পাইছিল ৷ যাৰ পৰিপ্ৰেক্ষিততে স্থানীয় ৰাইজে সৰু-বৰ প্ৰতিটো খবৰে বিনা দ্বিধাই আৰক্ষীক অৱগত কৰিছিল ৷ শুকুৰবাৰে নাহৰকটীয়া আৰক্ষীৰ এই সফলতা তাৰেই ফলস্বৰূপ বুলি সচেতন মহলে দাবী কৰে ৷
লগতে চাওক-ETV Exclusive : ডিব্ৰুগড়ত পুনৰ হ’ব নেকি লক্ ডাউন !