অসম

assam

ETV Bharat / state

বিধায়ক তৰংগ গগৈৰ আহ্বানত নাহৰকটীয়াত পৰ্যালোচনা বৈঠক - বিধায়ক তৰংগ গগৈ

নৱ নিৰ্বাচিত বিধায়ক তৰংগ গগৈৰ আহ্বানত নাহৰকটীয়াত বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত বিশেষ পৰ্যালোচনা বৈঠক । সমষ্টিটোৰ বন বিভাগত চলা অবৈধ কাৰ্যকলাপ বন্ধ কৰাৰ বাবে নিৰ্দেশ বিধায়কগৰাকীৰ ।

REVIEW MEETING
বিধায়ক তৰংগ গগৈৰ আহ্বানত নাহৰকটীয়াত পৰ্যালোচনা বৈঠক

By

Published : May 19, 2021, 4:12 PM IST

মৰাণ, 19 মে': দীৰ্ঘদিন ধৰি ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমষ্টিত অবৈধ বালিখনন আৰু বন ধ্বংসৰ অভিযোগ উত্থাপন হৈ আহিছে । কিন্তু দুষ্টচক্ৰৰ এই অবৈধ কাৰ্যকলাপ বন্ধ কৰাত বিফল হৈছে বন বিভাগ । ইয়াৰোপৰি দীৰ্ঘদিন ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত সমষ্টিটোৰ বিভাগসমূহ ।

সেয়ে সোমবাৰে জয়পুৰ বন বিভাগৰ ডাক বঙলাত এক বিশেষ পৰ্যালোচনা বৈঠকৰ আয়োজন কৰে নৱ-নিৰ্বাচিত বিধায়ক তৰংগ গগৈয়ে । য'ত স্বাস্থ্য, শিক্ষা, ৰাজহ, জলসম্পদ, জলসিঞ্চন,কৃষি, বন বিভাগকে ধৰি সকলো বিভাগৰে শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ।

বিধায়ক তৰংগ গগৈৰ আহ্বানত নাহৰকটীয়াত পৰ্যালোচনা বৈঠক

এই বৈঠকৰ পিছতে বিধায়কগৰাকীৰ ঘোষণা অতি শীঘ্ৰে নাহৰকটীয়া সমষ্টিত চলি থকা অবৈধ বালিখনন বন্ধ কৰিব লাগিব । তদুপৰি আগন্তুক দিনত প্ৰাকৃতিক সম্পদেৰে ভৰপুৰ জয়পুৰ বৰ্ষাৰণ্যৰ ভিতৰচ'ৰাত চলা অবৈধভাৱে গছ কটা কাৰ্যও বন্ধ কৰিব লাগিব । নাহৰকটীয়াৰ জয়পুৰ বন বিভাগক এই নিৰ্দেশ প্ৰদান কৰে নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে ।

তদুপৰি বিধায়ক গৰাকীয়ে বিভিন্ন চৰকাৰী বিভাগৰ অভাৱ অভিযোগ বুজ লোৱাৰ লগতে আগন্তুক দিনত এই বিভাগসমূহৰ জৰিয়তে নাহৰকটীয়া সমষ্টিত কিদৰে উন্নয়ন সাধন কৰিব পাৰি সেই সম্পৰ্কেও আলোচনা কৰে । ইয়াৰোপৰি প্ৰতি তিনিমাহৰ অন্তত সমষ্টিত চৰকাৰী বিভাগৰ সৈতে পৰ্যালোচনা বৈঠকত ভাগ ল'ব বুলি সদৰি কৰে বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক:যোৰহাটত আটক ভূৱা দণ্ডাধীশ

ABOUT THE AUTHOR

...view details