অসম

assam

By

Published : May 21, 2021, 4:18 PM IST

ETV Bharat / state

নাহৰকটীয়াত ক’ভিড যোদ্ধাক সম্বৰ্ধনা

নাহৰকটীয়া সামূহিক চিকিৎসালয়ৰ ক’ভিড যোদ্ধাক সম্বৰ্ধনা জ্ঞাপন ৷ নাহৰকটীয়া প্ৰেছ ক্লাব আৰু ভোজপুৰী পৰিষদৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা জনসাধাৰণৰ সেৱাত নিয়োজিত হৈ থকা চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা ৷

naharkatia-covid-warrior-doctors-nurses-felicited-by-press-club
নাহৰকটীয়াত ক’ভিড যোদ্ধাক সম্বৰ্দ্ধনা

মৰাণ,21 মে': নাহৰকটীয়া প্ৰেছ ক্লাব আৰু ভোজপুৰী পৰিষদৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা ক’ভিড যোদ্ধাক সম্বৰ্ধনা জ্ঞাপন ৷ নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ক’ভিড যুদ্ধত সম্মুখৰ পৰা নেতৃত্ব দি আহিছে চিকিৎসক, নাৰ্চ আৰু স্বাস্থ্যকৰ্মীসকলে । ক’ভিডৰ এই ভয়াৱহ পৰিৱেশৰ মাজত পৰিয়াল-পৰিজনৰ পৰা আঁতৰত থাকি দিন-ৰাতি একাকাৰ কৰি জনসাধাৰণৰ সেৱাত নিয়োজিত হৈ থাকে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকল ।

নাহৰকটীয়াত ক’ভিড যোদ্ধাক সম্বৰ্ধনা

চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলৰ এনে কৰ্মক সম্মান আৰু শ্ৰদ্ধা জনাই তেওঁলোকক উৎসাহ জনোৱাৰ উদ্দেশ্যেৰে নাহৰকটীয়া প্ৰেছ ক্লাব আৰু ভোজপুৰী পৰিষদৰ নাহৰকটীয়া আঞ্চলিক সমিতিয়ে নাহৰকটীয়াৰ সামূহিক চিকিৎসালয়ৰ চিকিৎসক, নাৰ্চ আৰু স্বাস্থ্যকৰ্মীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে ।

চিকিৎসালয়খনৰ চিকিৎসক, নাৰ্চ আৰু স্বাস্থ্যকৰ্মীকে ধৰি প্ৰায় ৩০ গৰাকী ক’ভিড যোদ্ধাক একোখনকৈ ফুলাম গামোচাৰে সন্মান যাচে প্ৰেছ ক্লাবৰ সমূহ সংবাদকৰ্মীয়ে । নাহৰকটীয়া প্ৰেছ ক্লাবৰ এই সন্মানে চিকিৎসালয়খনৰ সমূহ স্বাস্থ্যকৰ্মীক কৰ্তব্য পালনত দুগুণ উৎসাহ যোগালে বুলি উল্লেখ কৰি নাহৰকটীয়া প্ৰেছ ক্লাবৰ মহানুভৱতাক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে নাহৰকটীয়া সামূহিক চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ জ্যোতি শ্যামে ।

লগতে পঢ়ক :চিৰাঙ আৰু বঙাইগাঁৱত আন্তঃজিলা যাতায়ত বন্ধৰ প্ৰভাৱ

ABOUT THE AUTHOR

...view details