নাহৰকটীয়া, 21 ফেব্ৰুৱাৰীঃ ডিব্ৰুগড়ৰ নাহৰকটীয়াত উকীল সন্থাৰ সংবাদমেল ৷ নাহৰকটীয়া বাৰ এছ’চিয়েছনৰ সম্পাদক দীনেশ শইকীয়াই সংবাদমেল সম্বোধন কৰি নাহৰকটীয়া মহকুমা ন্যায়িক আদালতৰ প্ৰতি থকা অৱহেলাৰ অভিযোগ উত্থাপন কৰে ৷ নাহৰকটীয়া মহকুমা ন্যায়িক আদালতে প্ৰশাসনীয় দিশত বৰ্তমানো পূৰ্ণাংগ স্থিতি লাভ কৰা নাই বুলি সংবাদমেলযোগে জানিবলৈ দিয়ে নাহৰকটীয়া বাৰ এছ’চিয়েছনে ৷
নাহৰকটীয়াত উকিল সন্থাৰ সংবাদমেল বিগত বৰ্ষৰ নৱেম্বৰ মাহতেই নাহৰকটীয়া মহকুমা ন্যায়িক আদালতৰ কামকাজ আৰম্ভ হৈছে যদিও আদালতে বৰ্তমানো লাভ কৰা নাই পূৰ্ণাংগ ৰূপ ৷ তাৰোপৰি আশ্চৰ্যজনক কথা যে, এটা ভাড়াঘৰত ভাড়া হিচাপে লৈ স্থাপন কৰা হয় আদালতখন৷ আদালতৰ নিয়মমতে আদালতত এজনকৈ অতিৰিক্ত জিলা ন্যায়াধীশ থাকিব লাগে, কিন্তু এইখন মহকুমা আদালতত আছে এগৰাকী মহকুমা ন্যায়াধীশ আৰু এগৰাকী মুন্সীফ আদালতৰ বিচাৰক ৷ প্ৰতিখন আদালততে চৰকাৰী পক্ষক প্ৰতিনিধিত্ব কৰিবলৈ চৰকাৰী পক্ষৰ উকীল অৰ্থাৎ পাব্লিক প্ৰছিকিউটৰ থাকে, কিন্তু নাহৰকটীয়া মহকুমা ন্যায়িক আদালতত আজিলৈকে নিযুক্ত নহ’ল এজনো পাব্লিক প্ৰছিকিউটৰ ৷
ইফালে নাহৰকটীয়া মহকুমা প্ৰশাসনৰ অধীনত দুলীয়াজান আৰু টিংখং থানা প্ৰশাসনিক এলেকা অন্তৰ্ভুক্ত হৈ আছে যদিও আশ্চৰ্যজনকভাৱে এইখন আদালতত দুলীয়াজান আৰু টিংখং আৰক্ষী থানাৰ এটা গোচৰো বৰ্তমানলৈকে কাৰ্যকৰী হোৱা নাই ৷ ইয়াৰ বিপৰীতে দুয়োখন থানাৰ গোচৰসমূহ পূৰ্বৰ দৰেই ডিব্ৰুগড় আদালতত চলি থকাৰ বাবে স্থানীয় ৰাইজৰ ব্যাপক সময় আৰু অৰ্থৰ লোকচান হৈছে ৷ লক্ষণীয় যে, আদালতখনত উচ্চ ন্যায়ালয়ে কোনো নিৰ্দেশ নিদিয়াৰ বাবে এই পৰ্যন্ত নিগ’চিয়েবল ইন্সট্ৰুমেণ্ট এক্টৰ গোচৰসমূহো চলা নাই ৷ আনহাতে, নাহৰকটীয়া উপকোষাগাৰত দলিল, কোৰ্ট ফিজ আদি উপলব্ধ নোহোৱাৰ বাবে আদালতত সমস্যাৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে এই বিষয়সমূহৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰো দৃষ্টিগোচৰ হৈছে যদিও আজিলৈকে কোনো সুদুত্তৰ পোৱা নাই আদালত কৰ্তৃপক্ষই ৷ সমস্যাৰে ভৰপূৰ এইখন আদালত পৰৱৰ্তী এমাহৰ ভিতৰত পূৰ্ণাংগ ৰূপত কাৰ্যকৰী কৰি তুলিবলৈ নাহৰকটীয়া বাৰ এছ’চিয়েছনৰ সম্পাদক দীনেশ শইকীয়াই ইতিমধ্যে সংশ্লিষ্ট মহলক আহ্বান জনাইছে ৷
লগতে পঢ়কঃকেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক তীব্ৰ বিৰোধিতা অৰুণাচল প্ৰদেশৰ ছাত্ৰ সমাজৰ