অসম

assam

ETV Bharat / state

নাহৰকটীয়াত কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ সজাগতা সভা - সজাগতা সভা

টাটা ন্যাস আৰু অসম চৰকাৰৰ যুটীয়া সহযোগত স্থাপন কৰা অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ ডিব্ৰুগড় কাৰ্যালয়ৰ উদ্যোগত নাহৰকটীয়াত কেন্সাৰ সজাগতা সভা । জিলা স্বাস্থ্য প্ৰৱন্ধক নিধি দাস আৰু হেলথ কেয়াৰ মেনেজাৰ অভিজিৎ ভট্টাচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত হয় সভাখন ।

নাহৰকটীয়াত কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ সজাগতা সভা
নাহৰকটীয়াত কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ সজাগতা সভা

By

Published : Dec 27, 2020, 12:34 PM IST

ডিব্ৰুগড়, ২৭ ডিচেম্বৰ: টাটা ন্যাস আৰু অসম চৰকাৰৰ যুটীয়া সহযোগত স্থাপন কৰা অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ ডিব্ৰুগড় কাৰ্যালয়ৰ উদ্যোগত শনিবাৰে নাহৰকটীয়াত কেন্সাৰ সজাগতাৰ এখনি সভা অনুষ্ঠিত হৈ যায় । নাহৰকটীয়াৰ স্থানীয় যুৱক তথা কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ কম্পিউটাৰ তথ্য সহায়ক হ্তিন সোণোৱালৰ প্ৰচেষ্টাত এই সভাখন অনুষ্ঠিত হয় । সভাখনত সংস্থাটোৰ জিলা স্বাস্থ্য প্ৰৱন্ধক নিধি দাস আৰু হেল্থ কেয়াৰ মেনেজাৰ অভিজিৎ ভট্টাচাৰ্যই ধঁপাতজনিত কেন্সাৰ ৰোগে কেনেকৈ বৰ্তমান সমাজক ছানি ধৰিছে তাৰ ওপৰত তথ্যগত উপস্থাপন কৰে ।

নাহৰকটীয়াত কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ সজাগতা সভা

ইফালে অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ চৌহদত "সুস্থ অসম" নামৰ কেন্সাৰ চিনাক্তকৰণৰ এটি গোট স্থাপন কৰা হৈছে বুলি সংস্থাটোৰ তৰফৰ পৰা ব্যক্ত কৰা হয় । আৰম্ভণিৰে পৰা এই পৰ্যন্ত উক্ত গোটত ৩০ ৰ পৰা ৬৫ বছৰ বয়সৰ তিনি সহস্ৰাধিক পুৰুষ-মহিলাৰ বিনামূলীয়া পৰীক্ষা সম্পন্ন হোৱা বুলি তেওঁলোকে জানিবলৈ দিয়ে । পৰীক্ষা সম্পন্ন হোৱা সকলৰ ভিতৰত ছয় গৰাকী কেন্সাৰ আক্ৰান্ত ৰোগীৰ সন্ধান পোৱা গৈছে । সম্প্ৰতি আক্ৰান্ত কেইজনৰ চিকিৎসা প্ৰক্ৰিয়া চলি আছে বুলি সংস্থাটোৱে উল্লেখ কৰে ।

অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ তৰফৰ পৰা কেন্সাৰ ৰোগ সম্পৰ্কে জানিবলৈ ১৮০০-৩৪৫-৪৩২৫ আৰু ধঁপাত সেৱনৰ দৰে অভ্যাস পৰিত্যাগ কৰিবলৈ পৰামৰ্শৰ বাবে ১৮০০-১১২-৩৫৬ বিনা শুল্ক ফোন নাম্বাৰত আগ্ৰহী সকলক যোগাযোগ কৰিবলৈকো আহ্বান জনাইছে ।

উল্লেখ্য যে প্ৰাৰম্ভিক অৱস্থাত কেন্সাৰ ৰোগ চিনাক্ত কৰিব পাৰিলে ৯০ শতাংশ ৰোগীয়ে আৰোগ্য লাভ কৰিব পৰাৰ সম্ভাৱনা প্ৰৱল । এই ক্ষেত্ৰত সজাগতা আনিবলৈ সংস্থাটোৰ তৰফৰ পৰা আহ্বান জনায় ।

লগতে পঢ়ক: চিতাৰ জুইত বিলীন শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ নিথৰ দেহ

ABOUT THE AUTHOR

...view details