অসম

assam

ETV Bharat / state

নাহৰকটীয়াত বজাৰ বন্ধ ৰখাৰ দাবীঃ গণ সংক্ৰমণৰ আশংকা - জন সমাগম

ডিব্ৰুগড় জিলাতো শনিবাৰ আৰু দেওবাৰে সম্পূৰ্ণ লক ডাউন ঘোষণা কৰাৰ উপৰিও অন্য বাৰত গধুলি ৫ বজাৰ লগে লগে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে জিলা প্ৰশাসনে ৷ লগতে,গধুলি ৭ বজাৰ পৰা পূৱা ৭ বজালৈ সান্ধ্য আইন বাহাল ৰাখিছে জিলাখনত । ২৩ জুনত নাহৰকটীয়াৰ মাজমজিয়াত অৱস্থিত সাপ্তাহিক মংগললবৰীয়া বজাৰ খন খুলিবলৈ প্ৰশাসনে দিয়া অনুমতিক সংগঠনটোৱে বিৰোধীতা কৰি বৃহস্পতিবাৰে নাহৰকটীয়াৰ ৰাজহ চক্ৰ বিষয়াৰ যোগেদি ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝালৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে ৷

NAHARKATIA AJYCP DEMAND TO STOP WEEKLY MARKET
নাহৰকটীয়াত বজাৰ বন্ধ ৰখাৰ দাবীঃ গণ সংক্ৰমণৰ আশংকা

By

Published : Jul 16, 2020, 7:07 PM IST

নাহৰকটীয়া, 16 জুলাই : সমগ্ৰ দেশত ব্যাপক হাৰত বৃদ্ধি পাইছে ক'ৰণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। অসমতো বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা । ভ্ৰমণ দৃষ্টান্ত নথকা লোকৰ দেহতো পোৱা গৈছে ক'ভিড-19 পজিটিভ ।

নাহৰকটীয়াত বজাৰ বন্ধ ৰখাৰ দাবীঃ গণ সংক্ৰমণৰ আশংকা

এই সমগ্ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ পিচত এতিয়া যোৰহাটতো সম্পূৰ্ণ লক্ ডাউন ঘোষণা কৰা হৈছে । ডিব্ৰুগড় জিলাতো শনিবাৰ আৰু দেওবাৰে সম্পূৰ্ণ লক্ ডাউন ঘোষণা কৰাৰ উপৰিও অন্য বাৰত গধুলি ৫ বজাৰ লগে লগে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে জিলা প্ৰশাসনে ৷ লগতে,গধুলি ৭ বজাৰ পৰা পূৱা ৭ বজালৈ সান্ধ্য আইন বাহাল ৰাখিছে জিলাখনত ।

ক'ৰণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰাইজক ৰক্ষা কৰিবলৈ লোৱা এই পদক্ষেপ সমূহক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নাহৰকটীয়া আঞ্চলিক সমিতিয়ে আদৰণি জনোৱাৰ লগতে প্ৰশাসনৰ এনে কাৰ্যক শলাগ লৈছে সংগঠনটোৱে । কিন্তু যোৱা ২৩ জুনত নাহৰকটীয়াৰ মাজমজিয়াত অৱস্থিত সাপ্তাহিক মঙলবৰীয়া বজাৰ খন খুলিবলৈ প্ৰশাসনে দিয়া অনুমতিক সংগঠনটোৱে বিৰোধিতা কৰি বৃহস্পতিবাৰে নাহৰকটীয়াৰ ৰাজহ চক্ৰ বিষয়াৰ যোগেদি ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নাহৰকটীয়া আঞ্চলিক সমিতিৰ সভাপতি গৌৰাঙ্গ গগৈ আৰু সম্পাদক দিব্যজ্যোতি ৰাজকোঁ‌ৱৰৰ স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰখনত উল্লেখ কৰে যে,নাহৰকটীয়াৰ পৌৰসভাৰ অন্তৰ্গত সাপ্তাহিক বজাৰখন পুনৰ আৰম্ভ কৰাৰ পৰিপ্ৰেক্ষিতত নাহৰকটীয়াৰ বিভিন্ন অঞ্চলৰ লগতে সীমামূৰীয়া জিলাসমূহৰ পৰা হাট বজাৰ কৰিবলৈ ভালেসংখ্যক ব্যৱসায়ীৰ আগমণ ঘটাৰ লগতে যথেষ্ট সংখ্যক গ্ৰাহকৰো আগমণ ঘটে ৷ তেনেস্থলত নাহৰকটীয়াত ব্যাপক জন সমাগম হোৱা সাপ্তাহিক বজাৰ খন খুলিবলৈ দিয়া অনুমতিৰ বাবে সংগঠনটোৱে অঞ্চলটোত গণ সংক্ৰমণ হোৱাৰ আশংকা প্ৰকাশ কৰিছে । গতিকে সংগঠনটোৱে এই স্মাৰক পত্ৰৰ জৰিয়তে জিলা উপায়ুক্তক নাহৰকটীয়াৰ সাপ্তাহিক বজাৰখন সাময়িক ভাৱে বন্ধ ৰাখিবলৈ অনুৰোধ জনাইছে ৷

লগতে পঢ়ক : অনুষ্টুপীয়াকৈ উদযাপন টাই আহোম যুৱ পৰিষদৰ প্ৰতিষ্ঠা দিৱস

ABOUT THE AUTHOR

...view details