নাহৰকটীয়া, 10 জুলাই : গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত ব্যৰ্থ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ বিৰুদ্ধে শুকুৰবাৰে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ নাহৰকটীয়া উত্তম মাটিৰ নৈ পৰীয়া ৰাইজে দীৰ্ঘদিনধৰি বানৰ কবলত পৰি দুৰ্ভোগ ভুগি অহাৰ ওপৰিও প্ৰতি বছৰে বিভিন্ন জনে খহনীয়াৰ ফলত হেৰুৱাব লগীয়া হৈছে ঘৰ সম্পত্তিৰ লগতে খেতি মাটি ৷
গৰাখহনীয়া ৰোধত বিফল বিজেপি চৰকাৰৰ বিৰুদ্ধে নাহৰকটীয়াত প্ৰতিবাদ - নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থা
সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ বিৰুদ্ধে শুকুৰবাৰে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ উন্নয়নৰ ধাক-ঢোল বজায় থকা চৰকাৰ খনক নাহৰকটীয়ালৈ আহি উন্নয়নৰ প্ৰকৃত ছবিখন চাবলৈকো আহ্বান জনায় ৷
উল্লেখ্য যে বিভিন্ন সময়ত বিধায়ক সাংসদে ভূমুকি মাৰি পৰিস্থিতি পৰিদৰ্শন কৰে যদিও সমস্যা সমাধানৰ ক্ষেত্ৰত আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে যাৰ পৰিণতিত এতিয়া বাৰিষাৰ বানে চপৰা চপৰে নৈৰ গৰা খহাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ আতংকৰ ৷ ইফালে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই উত্তম মাটি ৰাইজৰ সহযোগত বিয়াগোম জলসম্পদ বিভাগটোৰ লগতে বিজেপি চৰকাৰ খনৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলাৰ লগতে উন্নয়নৰ ধাক-ঢোল বজায় থকা চৰকাৰ খনক নাহৰকটীয়ালৈ আহি উন্নয়নৰ প্ৰকৃত ছবিখন চাবলৈকো আহ্বান জনায় ৷
লগতে পঢ়ক :ডিব্ৰুগড়লৈ ভাবুকি: বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ