মৰাণ, ১ আগষ্ট:টিংখাঙৰ ৰাজগড়ত এগৰাকী গৰ্ভৱতী বোৱাৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে । সন্তান প্ৰসৱ কৰিবলৈ কেইদিনমান বাকী থকা অৱস্থাত বোৱাৰীগৰাকীয়ে আত্মহত্যা কৰে । ইয়াকে লৈ ৰহস্য়ৰ সৃষ্টি হৈছে । স্বামী পৰিয়ালে বোৱাৰীগৰাকীয়ে আত্মহত্যা কৰা বুলি দাবী কৰিছে যদিও বোৱাৰীগৰাকীৰ পিতৃৰ পৰিয়ালে কিন্তু এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলিহে অভিযোগ উত্থাপন কৰিছে ।
টিংখাঙৰ ৰাজগড় আৰক্ষী চকীৰ অন্তৰ্গত ভালুকমৰা গাঁৱৰ ধীৰেন হাজৰিকাৰ পুত্ৰ বিপ্লৱ হাজৰিকাৰ সৈতে আঢ়ৈ বছৰ পূৰ্বে টিংখাঙৰে বৰবাম আৰক্ষী চকীৰ অন্তৰ্গত ৰংছোৱাল গাঁৱৰ সত্য বৰবৰুৱা আৰু চেনেহী বৰবৰুৱাৰ কন্য়া কংকনা বৰবৰুৱাই বিবাহপাশত আৱদ্ধ হৈছিল । বৰ্তমান কংকনা ১০ মহীয়া গৰ্ভৱতী বুলি জানিব পৰা গৈছে । কিন্তু সোমবাৰে নিশা ৰহস্যজনকভাৱে গৰ্ভৱতী বোৱাৰীগৰাকীৰ মৃত্যু হয় ।
লগতে পঢ়ক:Manikpur football tournament: মাণিকপুৰত স্বৰ্গীয় অজিত ৰায় সোঁৱৰণী প্ৰাইজমাণী ফুটবল প্ৰতিযোগিতা