মৰাণ, 17 ফেব্ৰুৱাৰী :সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক জিতু দাস আৰু নাই ৷ বুধবাৰে বিয়লি নিজ কোঠাৰ ভিতৰত অগ্নিদগ্ধ হৈ ৰহস্যজনকভাৱে মৃত্যু হয় প্ৰাক্তন ছাত্ৰ নেতাজনৰ (Mysterious death of student leader) ।
এই ঘটনাক লৈ চেপা উত্তেজনাই বিৰাজ কৰিছে অঞ্চলটোত ।
ঘটনাৰ বিৱৰণি অনুসৰি, ডিব্ৰুগড়ৰ মোহনাঘাটৰ এটি ভাড়াঘৰত বুধবাৰে বিয়লি হঠাৎ জুইৰ সূত্ৰপাত ঘটে ৷ তাৰ পাচতে জিতু দাস জলন্ত কোঠাৰ ভিতৰতে থকাৰ সন্দেহ স্থানীয় ৰাইজৰ ।পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপন হয় ৷
কিন্তু কোঠাৰ ভিতৰতে জীৱন্তে অগ্নিদগ্ধ হয় জিতু দাস ৷ উল্লেখ্য যে, জিতু দাস মোহনাঘাটৰ ছাজিদ আহমেদ নামৰ লোকজনৰ ভাড়াঘৰত আছিল ৷
লগতে পঢ়ক :Road accident in Bongaigaon: পথ দুৰ্ঘটনাত জীৱন্তে অগ্নিদগ্ধ এজন