অসম

assam

ETV Bharat / state

Mushroom production from paddy straw: শুকান ধানখেৰৰ পৰা কাঠফুলা উৎপাদন টিংখাঙৰ উদ্যমী যুৱকৰ - শুকান ধানখেৰৰ পৰা কাঠফুলা উৎপাদন

শুকান ধানখেৰক লৈ টিংখাঙৰ এজন উদ্যমী যুৱকে কঢ়িয়াই আনিছে নতুন সম্ভাৱনা । কাঠফুলাৰ টোপোলাৰ উদ্যোগেৰে স্বাৱলম্বী হৈ উঠিছে যুৱকজন । টিংখাঙৰ কেন্দুগুৰি চুৰাটনিবাম গাঁৱৰ অচিন্ত মেচ নামৰ উদ্যমী যুৱকজনে বিগত প্ৰায় ৭ বছৰে চলাই আহিছে কাঠফুলাৰ ব্যৱসায়(Mushroom cylinder industry at Tingkhong) ।

Mushroom cylinder industry at Tingkhong
শুকান ধানখেৰৰ পৰা কাঠফুলা উৎপাদন টিংখাঙৰ উদ্যমী যুৱকৰ

By

Published : Dec 9, 2022, 3:35 PM IST

টিংখাং,৯ ডিচেম্বৰ:অসমৰ অৰ্থনীতিত ধানখেৰেও আনিব পাৰে বৈপ্লৱিক পৰিৱৰ্তন । শুকান ধানখেৰক কেঁচামাল হিচাবে ব্যবহাৰ কৰি এজন যুৱকে গঢ়ি তুলিছে এক উদ্যোগ । অৰুণাচল, নাগালেণ্ড পৰ্যন্ত প্ৰসাৰিত কৰিছে ব্যৱসায় । বহুতৰ বাবে এলাগী শুকান ধানখেৰৰ উদ্যোগিক ক্ষেত্ৰত নতুন সম্ভাৱনা । ধানখেৰক মূল সম্পদ হিচাপে লৈ টিংখাঙৰ এজন যুৱকে গঢ়ি তুলিছে এটা ক্ষুদ্ৰ উদ্যোগ(Mushroom cylinder industry at Tingkhong) ।

শুকান ধানখেৰৰ পৰা কাঠফুলা উৎপাদন টিংখাঙৰ উদ্যমী যুৱকৰ

টিংখাঙৰ কেন্দুগুৰি চুৰাটনিবাম গাঁৱৰ অচিন্ত মেচ নামৰ উদ্যমী যুৱকজনে বিগত প্ৰায় ৭ বছৰে চলাই আহিছে কাঠফুলা চিলিণ্ডাৰৰ ব্যৱসায় । যাৰ বাবে তেওঁ নিজ গৃহত গঢ়ি তুলিছে এটা উদ্যোগ । য'ত সুস্বাদু কাঠফুলাৰ টোপোলা প্ৰস্তুত কৰা হয় । খেৰসমূহ মেচিনত কাটি পদ্ধতিগত ভাৱে পলিথিনত ভৰাই প্ৰস্তুত কৰা হয় এই কাঠফুলাৰ চিলিণ্ডাৰ তথা টোপোলা সমূহ(Mushroom production from paddy straw) ।

শিলিগুৰিৰ পৰা কাঠফুলাৰ বীজ আনি এই টোপোলা সমূহত সংস্থাপিত কৰাৰ পাছত এইসমূহ কাঠফুলা খেতিয়কক বিক্ৰী কৰা হয়(Self-reliance in mushroom cultivation ) । এনে একোটা টোপোলাৰ বিক্ৰী মূল্য হৈছে ১২০-১৩০ টকা । অচিন্ত মেচৰ এই ক্ষুদ্ৰ উদ্যোগটোত নিতৌ ৩০০-৪০০ টোপোলা প্ৰস্তুত কৰা হয় । ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাট, ফৰকাটিং, অৰুণাচল, নাগালেণ্ড পৰ্যন্ত এই টোপোলা সমূহ ৰপ্তানি হয়(Mushroom production youth of Tingkhang) ।

এনে এটা টোপোলাৰ পৰা একোজন কাঠফুলা খেতিয়কে ২ কেজি পৰ্যন্ত কাঠফুলা উৎপাদন কৰিব পাৰে । উল্লেখযোগ্য যে কাঠফুলা চিলিণ্ডাৰ ক্ৰয় কৰি যিকোনো এজন ব্যক্তিয়ে বিশেষ কষ্ট নকৰাকৈ সহজতে বিজ্ঞানসন্মত কাঠফুলাৰ ব্যৱসায় কৰিব পাৰে । অচিন্ত মেচে "মেচাৰ্চ প্ৰিয়া কাঠফুলা ফাৰ্ম" নামাকৰণেৰে গঢ়ি তোলা এইটো উদ্যোগৰ পৰাই নিজে স্বাৱলম্বী হোৱাৰ লগতে তেওঁৰ ফাৰ্মত নিয়মীয়া ভাৱে ৬-৭ জন লোকক নিয়োজিত কৰিবলৈও সক্ষম হৈছে । এক ব্যতিক্ৰমী প্ৰয়াসেৰে টিংখাঙৰ এটা ভিতৰুৱা অঞ্চলৰ পৰা অৰুণাচল, নাগালেণ্ড আদি বহিঃৰাজ্যলৈ ব্যৱসায়ৰ প্ৰসাৰ মেলিবলৈ সক্ষম হোৱা অচিন্তৰ আছে আৰু বহু পৰিকল্পনা ।

লগতে পঢ়ক:Bamboo bridge in Goreswar: বছৰ বছৰ ধৰি বাঁহৰ সাঁকোৰে যাত্ৰা অব্যাহত

ABOUT THE AUTHOR

...view details