অসম

assam

ETV Bharat / state

সীমা কেন্দ্ৰিক বিবাদৰ বাবে টিংখাঙত নৃশংস হত্যাকাণ্ড! - কৰ্মচাৰীজনৰ মৃতদেহ উদ্ধাৰ

টিংখাঙৰ ঔফলীয়াত নৃশংস হত্যাকাণ্ড ৷ সীমা বিবাদৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰে ৷ ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে অশোক তাঁতী নামৰ লোকজনক ৷

Murder in dibrugrah tinkhong
সীমা কেন্দ্ৰিক বিবাদৰ বাবে টিংখাঙত নৃশংস হত্যাকাণ্ড

By

Published : Jun 2, 2020, 7:06 PM IST

টিংখাং, 2 জুন : লক ডাউনৰ মাজতে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ঔফলীয়াত মঙলবাৰে এক নৃশংস হত্যাকাণ্ড সংঘটিত হয় ৷ বামুণবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ঔফুলীয়া চাহ বাগিচাৰ 28নং লাইনত সংঘটিত হয় এই হত্যাকাণ্ড ৷

সীমা কেন্দ্ৰিক বিবাদৰ বাবে টিংখাঙত নৃশংস হত্যাকাণ্ড

পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি,বাগিচাখনৰ চৰ্দাৰ হিচাপে কৰ্মৰত অশোক তাঁতীয়ে দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰে বাগিচাখনৰ কৰ্মচাৰী অজিত ওৰাঙক ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃত কৰ্মচাৰীজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে হত্যাকাৰী অশোক তাঁতীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

সীমা কেন্দ্ৰিক বিবাদৰ বাবে টিংখাঙত নৃশংস হত্যাকাণ্ড

উল্লেখযোগ্য যে,দীৰ্ঘদিনীয়া সীমা বিবাদৰ সংঘাতৰ ফলতে এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : হাজোত নাঁও দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা পাঁচগৰাকী মাছমৰীয়াৰ

ABOUT THE AUTHOR

...view details