টিংখাং,3 আগষ্ট:আজি আৰ্থাৎ মঙলবাৰে পুৱাই টিংখাঙত সংঘটিত হৈছে অঘটন ৷ টিংখাঙৰ বামুণবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ২ নং গন্ধীয়া গাঁৱত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । সম্পৰ্কীয় দেওৰেকৰ হাতত প্ৰাণ গ'ল বৌয়েকৰ ৷
ঘটনাৰ বিৱৰণি অনুসৰি, নিহত মহিলাগৰাকীৰ পুত্ৰ দিপাংকৰ কোঁৱৰৰ সৈতে খলিন্দ্ৰ কোঁৱৰৰ ঘৰুৱা কথাত তৰ্কা-তৰ্কিৰ সৃষ্টি হৈছিল ৷ যাৰ ফলত খৰ্গগ্ৰস্ত হৈ খলিন্দ্ৰ কোঁৱৰে দা লৈ ঘপিয়াবলৈ উদ্যত হ’ল দিপাংকৰ কোঁৱৰক ৷ প্ৰাণৰ মমতাত দিপাংকৰ কোঁৱৰে সেই স্থানৰ পৰা পলায়ন কৰে ৷
দিপাংকৰ কোঁৱৰক মাৰিব নোৱাৰি দিপাংকৰ কোঁৱৰৰ মাককে দাৰে উপৰ্যুপৰি আঘাত কৰে খলিন্দ্ৰ কোঁৱৰে ৷