অসম

assam

ETV Bharat / state

Eviction at Dibrugarh: সমাগত দুৰ্গাপূজা, ডিব্ৰুগড় চহৰত পৌৰসভাই চলালে উচ্ছেদ অভিযান - Durga puja 2023

দুৰ্গাপূজাৰ প্ৰাকক্ষণত ডিব্ৰুগড় চহৰত অবৈধ পদপথৰ ব্যৱসায়ীৰ বিৰুদ্ধে চলিল পৌৰসভাৰ উচ্ছেদ অভিযান ৷ অবৈধভাৱে পদপথ দখল কৰি থকা প্ৰায় 50 খনৰো অধিক ব্যৱসায় প্ৰতিষ্ঠান কৰিলে উচ্ছেদ ৷

Eviction at Dibrugarh
ডিব্ৰুগড় চহৰত পৌৰসভাই চলালে উচ্ছেদ অভিযান

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 8:17 PM IST

ডিব্ৰুগড় চহৰত পৌৰসভাই চলালে উচ্ছেদ অভিযান

ডিব্ৰুগড়, 11 অক্টোবৰ : ডিব্ৰুগড় চহৰত সৃষ্টি হোৱা যানজঁটৰ সমস্যাই দীৰ্ঘদিনে জলাকলা খুৱাইছে ডিব্ৰুগড়ৰ বাসিন্দাৰ লগতে ডিব্ৰুগড়লৈ অহা ৰাইজক । ৰাইজৰ অভিযোগ অনুসৰি যানজঁটৰ মূল কাৰণ- একাংশ ব্যৱসায়ীয়ে দীৰ্ঘদিন ধৰি পদপথসমূহ দখল কৰি ব্যৱসায় কৰা । ফলত মূল পথেদি যাতায়ত কৰিব লগা হৈছে পথচাৰীসকলে ।

সেয়ে সৃষ্টি হৈছে প্ৰতিদিনে তীব্ৰ যানজঁটৰ সমস্যা । ৰাইজে এই সমস্যা সমাধানৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু পৌৰসভাক দাবী জনাই আহিছিল যদিও ৰাইজৰ সমস্যা সমাধান হোৱা নাছিল । কিন্তু বুধবাৰে এক্সন মুডত নামিল ডিব্ৰুগড় পৌৰসভা ।

দুৰ্গাপূজাৰ প্ৰাক মুহূৰ্তত বুধবাৰে ডিব্ৰুগড় চহৰত চলিল পৌৰসভা আৰু দল-সংগঠনৰ যুটীয়া উচ্ছেদ অভিযান । চহৰখনৰ ব্যস্ত পথ এইছ এছ ৰোডৰ লগতে ডিব্ৰুগড়ৰ বজাৰত চলিল এই উচ্ছেদ অভিযান । অবৈধভাৱে পদপথ দখল কৰি থকা প্ৰায় 50 খনৰো অধিক ৰোডছাইড দোকানত চলিল উচ্ছেদ ৷

উল্লেখ্য যে পদপথ দখলেৰে চহৰখনত যানজঁট সৃষ্টি কৰা অবৈধ ৰোডছাইড ভেণ্ডৰৰ বিৰুদ্ধে ডিব্ৰুগড় পৌৰসভাই গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ । ইফালে ডিব্ৰুগড় চহৰত পৌৰসভাই নতুনকৈ স্থাপন কৰিছিল 6 টাকৈ ভেণ্ডিং জ'ন‌ ।

অবৈধভাৱে ব্যৱসায় কৰি থকা ৰোডছাইড ভেণ্ডৰসকলক স্থানান্তৰ কৰা হৈছিল যদিও ডিব্ৰুগড় পৌৰসভাই স্থাপন কৰা ভেণ্ডিং জ'নত নাথাকি নিজৰ মইমতালিৰে এইছ এছ ৰোডত দোকান স্থাপন কৰি যানজঁটৰ সমস্যা সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হৈছে । সেয়ে অবৈধ ব্যৱসায়ীসকলৰ বিৰুদ্ধে আজি ডিব্ৰুগড়ৰ দল-সংগঠনৰ সহযোগত চলালে উচ্ছেদ অভিযান ।

এই উচ্ছেদ অভিযানে ডিব্ৰুগড়ত যানজঁটৰ সমস্যা সমাধান কৰিব পাৰিবনে !

লগতে পঢ়ক:DUPGSU election result 2023: আছুৰ দখলত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভা

ABOUT THE AUTHOR

...view details