মৰাণ, 9 ডিচেম্বৰঃগুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাধিবক্তা তথা বিশিষ্ট লেখক ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোহাঁইলৈ ‘মোমাই তামুলী বৰবৰুৱা বঁটা’ ৷ সাহিত্যিকগৰাকীক টাই আহোম যুৱ পৰিষদৰ তৰফৰ পৰা প্ৰদান কৰিব এই বঁটা । ডিব্ৰুগড়ত অনুষ্ঠিত হ'বলগা টাই নববর্ষ "পয় পি মাউ টাই" উৎসৱত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰিব এই বঁটা । টাই আহোম যুৱ পৰিষদ অসম, ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত, কেন্দ্ৰীয় সমিতি আৰু ডিব্ৰুগড়বাসী ৰাইজৰ সহযোগত ডিব্ৰুগড়ৰ বৰবৰুৱা চুকাফা ভৱনত অহা ১৪ ডিচেম্বৰত দিনযোৰা কাৰ্যসূচীৰে টাই নৱবৰ্ষ "পয় পি মাউ টাই" উদযাপন কৰাৰ হ’ব ৷ এই অনুষ্ঠানতে অসমৰ সুযোগ্য সন্তান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাধিবক্তা, মানচাও ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোঁহাইক মোমাই তামুলী বৰবৰুৱা বঁটা প্ৰদান কৰা হ’ব ।
বিশিষ্ট লিখক ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোহাঁইলৈ ‘মোমাই তামুলী বৰবৰুৱা বঁটা’ - TAYPA
ডিব্ৰুগড়ত অনুষ্ঠিত হ'বলগা টাই নববর্ষ "পয় পি মাউ টাই" উৎসৱত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশিষ্ট লিখক ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোহাঁইক প্ৰদান কৰিব ‘মোমাই তামুলী বৰবৰুৱা বঁটা’ ৷ টাই আহোম যুৱ পৰিষদৰ তৰফৰ পৰা লিখকগৰাকীলৈ প্ৰদান কৰা হ’ব এই বঁটা ৷
উল্লেখ্য যে, আহোম ৰাজত্ব কালত স্বৰ্গদেউ প্ৰতাপ সিংহৰ সময়ত বিচক্ষণ প্ৰশাসনিক বিষয়া মোমাই তামুলী বৰবৰুৱাক অসমীয়াক নৱপ্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ লগতে তেখেতৰ আদৰ্শৰাজিক প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য এই বঁটা প্ৰৱৰ্তন কৰা বুলি টাইপাই এক সংবাদমেলৰ জৰিয়তে উল্লেখ কৰে । বঁটা প্ৰদান অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰীৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰী মানচাও না মেন আৰু অসমৰ কেইবাগৰাকী মন্ত্ৰী, সাংসদ বিধায়ক তথা বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব । বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা সংবাদমেলত কাৰ্যসূচীৰ অগ্ৰগতিৰ বিষয়ে উল্লেখ কৰে টাইপাৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক দ্বীপজ্যোতি দুৱৰাই ৷ সংবাদ মেলত ডিব্ৰুগড় জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক ধ্ৰুৱজ্যোতি কোঁৱৰ, যুটীয়া সম্পাদক প্ৰীতম গগৈ আৰু ক্ষীৰোদ গগৈ, আদৰণি সমিতিৰ হৈ অজিত কুমাৰ গগৈ উপস্থিত থাকে ।