অসম

assam

ETV Bharat / state

মৰাণত বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱস উদযাপন - ক'ভিড ভয়াবহতা

টাই আহোম যুৱ পৰিষদৰ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱস উদযাপন ৷ ক'ভিডৰ ভয়াৱহতাৰ বাবে কোনো ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰিব পৰা নাই মৰাণৰ ৰাইজে ৷ বন্তি প্ৰজ্বলন কৰিয়েই বীৰাংগনা মূলাগাভৰুৰ স্মৃতি দিৱস উদযাপন ৷

mulagavoru-smriti-divas-celebrated-at-moran
মৰাণত বন্তি প্ৰজ্বলন কৰিয়েই বীৰাঙ্গনা মূলাগাভৰুৰ স্মৃতি দিৱস পালন

By

Published : May 1, 2021, 3:58 PM IST

মৰাণ,1 মে’: বীৰাংগনা মূলাগাভৰু অসমৰ ইতিসাহৰ এক সোণোৱালী অধ্যায় । যাক লৈ আমি গৌৰব কৰো, আমাৰ উৎসাহ, প্ৰেৰণা আৰু অসমীয়া সমাজত নাৰীৰ এক সাহসী চৰিত্ৰ । অসমৰ প্ৰতিজন অসমীয়া ৰাইজে আৰু জাতীয় সংগঠনসমূহে প্ৰতি বছৰে বীৰাংগনা মূলাগাভৰুক বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে সুঁৱৰি আহিছে ৷ এইবাৰ ক'ভিডৰ ভয়াৱহতাৰ বাবে ঠায়ে ঠায়ে অনুষ্টুপীয়াকৈ পালন কৰা হৈছে বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱস ।

শুকুৰবাৰে মৰাণতো টাই আহোম যুৱ পৰিষদৰ মৰাণ আঞ্চলিক সমিতিয়ে মৰাণৰ ট্ৰেফিক পইণ্টৰ সন্মুখত বন্তি প্ৰজ্বলন কৰিয়ে বীৰাংগনা মূলাগাভৰুৰ স্মৃতি দিৱস পালন কৰে । কাৰণ ক'ভিডৰ ভয়াৱহতাৰ বাবে কোনো ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰিব পৰা নাই মৰাণৰ ৰাইজে । অনুষ্ঠানত টাইপা মৰাণ আঞ্চলিক বিষয়ববীয়াৰ লগতে কেন্দ্ৰীয় সমিতিৰ নেতৃত্বও উপস্থিত আছিল ।

লগতে পঢ়ক:ঐতিহাসিক চৰাইদেউ মৈদামক কেন্দ্ৰ কৰি ষড়যন্ত্ৰৰ অভিযোগ

ABOUT THE AUTHOR

...view details