মৰাণ,29 এপ্ৰিল: প্ৰৱল প্ৰতাপী মোগল সৈন্যৰ বিৰুদ্ধে যুঁজ দি প্ৰাণত্যাগ কৰা বীৰাংগনা মূলা গাভৰুৰ স্মৃতিত ২০১৩ বৰ্ষৰ পৰা টাই আহোম যুৱ পৰিষদে প্ৰদান কৰি অহা মূলাগাভৰু বঁটাটি এইবৰ্ষত সোণাৰি মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষা তথা বিশিষ্ট লেখিকা ৰতিপ্ৰভা গগৈলৈ আগবঢ়োৱা হয়। সোণাৰিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত অষ্টম বাৰ্ষিক বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদান অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় ৷
উল্লেখ্য যে, টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ চৰাইদেউ জিলা সমিতিয়ে অসমৰ জাতীয় বীৰাংগনা মূলাগাভৰুৰ জীৱনাদর্শ, বলিষ্ঠ ভূমিকা আৰু ত্যাগক গভীৰ শ্ৰদ্ধা আৰু উচিত মর্যাদাৰে সুঁৱৰি ২০১৩ বর্ষৰ পৰা ক্ৰমাগতভাৱে ঐতিহ্যমণ্ডিত সোণাৰি নগৰত অনুষ্ঠিত কৰি আহিছে বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান ৷