মৰাণ, ১৮ এপ্ৰিল: অসমীয়াৰ প্ৰাণৰ বিহুটিক লৈ ৰাজ্যৰ চৌদিশে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে । ঢোল-পেঁপাৰ মাতত মতলীয়া হৈ পৰিছে ৰাজ্যবাসী । শনিবাৰে ডিব্ৰুগড় জিলাৰ মৰাণতো ধেমেচীবাসীৰ উদ্যোগত মুকলি বিহু অনুষ্ঠিত কৰা হয় । ধেমেচী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় এই মুকলি বিহু ।
ৰঙালীৰ আনন্দত আত্মহাৰা হ’ল ধেমেচীৰ ৰাইজ - ধেমেচীবাসীৰ উদ্যোগত মুকলি বিহু
ডিব্ৰুগড় জিলাৰ মৰাণতো ধেমেচীবাসীৰ উদ্যোগত মুকলি বিহু অনুষ্ঠিত কৰা হয় । ধেমেচী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় এই মুকলি বিহু ।
মৰাণত ধেমেচীবাসীৰ উদ্যোগত মুকলি বিহু
মুকলি বিহুৰ লগত সংগতি ৰাখি কণী যুঁজ, বিহু নৃত্য, মৌ-কুঁৱৰী বিহু নৃত্য আদি অনুষ্ঠিত কৰা হৈছে । বিগত বর্ষৰ দৰেই এইবাৰো ধেমেচীবাসীৰ উদ্যোগত মুকলি বিহু অনুষ্ঠিত কৰা হয় । কেবাটাও বিহু দলে এই মুকলি বিহুত ভাগ লয় । নিশা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানেৰে উদযাপন কৰে বিহুটি । দেৱজিৎ বৰাৰ বিশেষ আকৰ্ষণেৰে নিশাৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।
লগতে পঢ়ক: ডিব্ৰুগড়ত 144 ধাৰা বলৱৎ