অসম

assam

ETV Bharat / state

ৰঙালীৰ ৰঙত জীপাল ডিব্ৰুগড়ৰ মহাবাহুৰ বালি চাপৰি - ৰঙালী বিহু

ৰঙালীৰ ৰঙত জীপাল উজনিৰ ডিব্ৰুগড় চহৰ । মহাবাহু ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত পূৰ্বৰ গৰিমা অটুত ৰাখি অনুষ্ঠিত মুকলি বিহু ।

ৰঙালীৰ ৰঙত জীপাল ডিব্ৰুগড়ৰ মহাবাহুৰ বালি চাপৰি
ৰঙালীৰ ৰঙত জীপাল ডিব্ৰুগড়ৰ মহাবাহুৰ বালি চাপৰি

By

Published : Apr 9, 2021, 2:08 PM IST

মৰাণ, ৯ এপ্ৰিল: ৰাজ্যজুৰি প্ৰস্তুতি চলিছে ব’হাগ বিহুটিক আনন্দ উছাহৰ মাজেৰে আদৰি অনাৰ । প্ৰকৃতিৰ জীপাল পৰিৱেশৰ মাজত ঢোল পেঁপাৰ মাতেৰে ৰজনজনাই গৈছে ৰাজ্যৰ উজনি-নামনি । বিগত বৰ্ষত মহামাৰীৰ বাবে আধৰুৱা হৈ ৰৈছিল ৰঙালী বিহুটি । কিন্তু এইবাৰ সকলোৱে পূৰ্ণ গতিত ৰঙালীক আদৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা দেখা গৈছে । ৰঙালী বিহুটিক আদৰিবলৈ এতিয়া সকলোৱে আগবাঢ়ি যোৱাৰ লগে লগে ডিব্ৰুগড় চহৰৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত দেখা গৈছে পূৰ্ৱৰ দৰে মুকলি বিহুৰ দৃশ্য । যাৰ জৰিয়তে হেঁপাহৰ ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি চলাইছে ডেকা গাভৰুসকলে ।

ৰঙালীৰ ৰঙত জীপাল ডিব্ৰুগড়ৰ মহাবাহুৰ বালি চাপৰি

ৰাজ্যৰ জনপ্ৰিয় বিহুৱা জিতেন দাসৰ গুৰুত্বপূৰ্ণ ভূমিকাত বিগত কেইবা বছৰৰ পৰাই মহাবাহু ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত এইদৰেই ৰঙালীক আদৰাৰ প্ৰাকক্ষণত অনুষ্ঠিত হৈ আহিছে মুকলি বিহু । মহাবাহু ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত ঝাও বানৰ মাজত ব্ৰহ্মপুত্ৰৰ পানী যুৱলিত মুখৰিত হৈ উঠিল এনেদৰে ডিব্ৰুগড়ত ৰঙালীৰ ৰঙৰ সমাহাৰ ।

লগতে পঢ়ক: ৰঞ্জন গগৈৰ মাতৃ শান্তি গগৈৰ দেহাৱসান

ABOUT THE AUTHOR

...view details