মৰাণ, ৬ জুন : সমগ্ৰ দেশৰ লগতে অসমৰ ভিন্ন প্ৰান্তত অব্যাহত আছে ক'ভিডৰ(covid-19) সংক্ৰমণ । কৰ'ণাৰ(corona) ফলতে বহু লোক কৰ্মহীন হৈ পৰিছে । কিন্তু ইয়াৰ মাজতো হতাশ হোৱা নাই অসমৰ একাংশ কৃষক । বিশেষকৈ মুগা শিল্পত জড়িত একাংশ লোকে চলাই গৈছে জীৱন সংগ্ৰাম ।
সম্প্ৰতি জলবায়ু পৰিৱৰ্তনৰ বাবে অসমত মুগা উৎপাদন উদ্বেগজনক হাৰত হ্রাস পাইছে । তথাপিও মুগা উৎপাদন কৰি জীৱন জীৱিকাৰ বাট বুলিছে বহু মুগা পালকে । ক্ৰমাৎ লুপ্তপ্ৰায় এই মুগা খেতিত ব্যস্ত উজনি অসমৰ আদৰ্শ মুগাপালক মৰাণৰ বেজপথাৰৰ দিলীপ বৰুৱা, বিপুল বৰুৱা আৰু দেৱকান্ত বৰুৱা । ছয় বিঘা চোমণিত মুগা খেতি কৰি ইতিমধ্যে জেঠুৱা বাঁহৰ মুগা পকিবলৈ আৰম্ভ কৰিছে । এইবাৰ এওঁলোকে ৪০-৪৫ হাজাৰ মুগা পকাব । ভাল খবৰ এই যে তেওঁলোকে পকোৱা মুগা সূতা যোৱা বছৰ প্ৰতি কেজিত ২২ হাজাৰ টকাত বিক্ৰী কৰিছিল ।