নাহৰকটীয়া,14 মাৰ্চ: অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক শব্দবাণেৰে আক্ৰমণ কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীয়ে । দেওবাৰে ডিব্ৰুগড়ৰ নাহৰকটীয়াৰ চাহ বাগিচাত বিজেপি প্ৰাৰ্থী তৰংগ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ লুৰিণক তীব্ৰ সমালোচনা কৰে সাংসদ তেলীয়ে ৷
সাংসদ তেলীৰ মতে, লুৰিণৰ জাহাজ কাগজৰ জাহাজ আৰু কাগজৰ জাহাজ পানীত দিলেই ডুবি যাব । কেইদিনমানৰ পাচতেই পানীত ডুবিব লুৰিণৰ কাগজৰ জাহাজ । ‘কা’ আন্দোলন হঠাৎ যেনেকৈ জ্বলিছিল আৰু নুমাইছিল, লুৰিণৰ জাহজখনো তেনেকৈয়ে পানীত ডুব যাব বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে ।
ইয়াৰ লগতে তেওঁ কয় যে, জাহাজ যিমানেই পানীত দিব সিমানেই ডুব যাব ৷ কিন্তু পদুম ফুল পানীত দিয়াৰ লগে লগে ওপৰলৈহে ফুলি উঠি আহে ৷ ইয়াৰোপৰি, অখিল গগৈৰ ৰাইজৰ দলকো আক্ৰমণৰ লক্ষ্য কৰি লয় সাংসদ ৰামেশ্বৰ তেলীয়ে ।