10 দিনৰ ভিতৰত নামৰূপ সাৰ কাৰখানালৈ মুললি কৰি দিয়া হ'ব 100 কোটি
সাংসদ ৰামেশ্বৰ তেলীৰ তত্বাৱধানত কেন্দ্ৰীয় সাৰ মন্ত্ৰী সদানন্দ গৌড়াক সাক্ষাৎ ৷ চতুৰ্থ গোট স্থাপন নকৰিলে অচলাৱস্থাৰ সৃষ্টি হ’ব সাৰ উদ্যোগটোত ৷ 10 দিনৰ ভিতৰত সাৰকাৰখানাৰ গোট দুটাৰ মেৰামতিৰ বাবে পূৰ্বতে ঘোষণা কৰা 100 কোটি টকা মুকলি কৰি দিয়াৰ আশ্বাস ৷
নামৰূপ, 16 আগষ্ট : সাংসদ ৰামেশ্বৰ তেলীৰ তত্বাৱধানত কেন্দ্ৰীয় সাৰ মন্ত্ৰী সদানন্দ গৌড়াক সাক্ষাৎ কৰে সাৰকাৰখানাৰ শ্ৰমিক ইউনিয়নে । কাৰখানাটোৰ দ্বিতীয় আৰু তৃতীয় গোট কেইটাৰ আয়ুস কাল ইতিমধ্যে উকলি যোৱাত গোট কেইটা মেৰামতি আৰু চতুৰ্থটো গোট স্থাপনৰ বাবে মন্ত্ৰীগৰাকীক দাবী জনায় শ্ৰমিক ইউনিয়নে । অচিৰেই সাৰকাৰ খানাটোৰ চতুৰ্থ গোট স্থাপন নকৰিলে অচলাৱস্থাৰ সৃষ্টি হ’ব সাৰ উদ্যোগটোত ৷ সাৰকাৰখানাটোৰ 1 নম্বৰ গোট বন্ধ হৈ যোৱাৰ পিছৰে পৰা দ্বিতীয় আৰু তৃতীয় গোটটোৱে বছৰি 3 লাখ মেট্ৰিকটন সাৰ উৎপাদন কৰিছিল ৷ কিন্তু চলিত বৰ্ষৰ মে’ মাহৰ পৰা কাৰিকৰী বিজুতিৰ বাবে বন্ধ হৈ আছে দ্বিতীয়টো গোট । সিফালে এতিয়া একমাত্ৰ তৃতীয় গোটটোৱে দৈনিক মাত্ৰ 600 ৰ পৰা 700 মেট্ৰিকটন সাৰ উৎপাদন কৰি দৈনিক মাত্ৰ 6 কোটি টকাহে উপাৰ্জন কৰিবলৈ সামৰ্থ হৈছে । যাৰ বাবে বৰ্তমান সময়ত চতুৰ্থ গোট নিমাৰ্ণ কৰাটো অধিক প্ৰয়োজন হৈ পৰিছে ৷ ৰামেশ্বৰ তেলীৰ তত্বাৱধান কেন্দ্ৰীয় সাৰ মন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰাৰ পাছত এক সংবাদ মেল যোগে বুধবাৰে জানিবলৈ দিয়ে যে, সোনকালেই কেন্দ্ৰীয় সাৰ মন্ত্ৰী সদানন্দ গৌড়া নামৰূপ সাৰ কাৰখানালৈ অহাৰ লগতে অনাগত 10 দিনৰ ভিতৰত সাৰকাৰখানাৰ গোট দুটাৰ মেৰামতিৰ বাবে পূৰ্বতে ঘোষণা কৰা 100 কোটি টকা মুকলি কৰি দিয়াৰ আশ্বাস দিয়ে৷